দীপিকাৰ ঠাইত তৃপ্তি, ‘স্পিৰিট’ৰ নায়িকা সলনি

0 483

সন্দীপ ৰেড্ডী ভাংগাৰ নতুন ছবিৰ নায়িকা হ’ল তৃপ্তি ডিমৰী। ‘স্পিৰিট’ত ছবিত দীপিকা পাদুকনৰ ঠাই ললে তৃপ্তি ডিমৰীয়ে।

সন্দীপ ৰেড্ডীৰ নবতম ছবিৰ নায়িকা হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে তৃপ্তি ডিমৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। তথ্য অনুসৰি দীপিকাৰ ‘অপেছদাৰী দাবী’ৰ বাবে ছবি খনত নায়িকাৰ সলনি ৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিচালকে। আৰু ছ’চিয়েল মিডিয়াযোগে শনিবাৰে ৰেড্ডীয়ে এই কথা সদৰি কৰে।

এনিমেলৰ সফলতাৰ পিছতেই সন্দীপ ৰেড্ডী ভাংগাই প্ৰভাসক লৈ নবতম ছবি ‘স্পিৰিট’ নিৰ্মাণৰ কামত ব্যস্ত আছে।

‘স্পিৰিট’ত প্ৰভাসে প্ৰথমবাৰৰ সৈতে অভিনেত্ৰী তৃপ্তিৰ সৈতে পৰ্দাত অভিনয় কৰিব।

লগতে পঢ়ক: আকৌ হ’ব পাৰে লকডাউন! দেশত ভয়াৱহ ৰূপত কৰোনাৰ সংক্ৰমণ

টি ছিৰিজ আৰু ভদ্ৰকালি পিকচাৰ্ছৰ অধীনত নিৰ্মিত ‘স্পিৰিট’ত প্ৰভাসক এজন উগ্ৰ আৰক্ষী বিষয়াৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব। বৰ্তমান প্ৰি-প্ৰডাকচনৰ কাম চলি থকা ছবিখনৰ দৃশ্যগ্ৰহন ২০২৫তেই আৰম্ভ হ’ব।

media school
Leave A Reply

Your email address will not be published.