গৌৰীৰ পিছে পিছে ফটোগ্ৰাফাৰ, ফটোগ্ৰাফাৰক দেখি গৌৰীয়ে কি কৰিলে?

0 265

২০২৪ বৰ্ষৰ পৰাই অভিনেতা আমিৰ খানৰ প্ৰেমিকাক লৈ অনুৰাগীসকলৰ মাজত জল্পনা-কল্পনা চলি আছিল। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আমিৰ খানত জন্মদিনৰ দিনাখন সকলোৰে আগত চিনাকী কৰাই দিয়ে নতুন প্ৰেমিকা গৌৰী স্প্ৰাটক।

তেতিয়াৰে পৰা ফটোগ্ৰাফাৰ সকলে তেওঁলোকৰ ফটো কেমেৰাত আৱদ্ধ কৰি আহিছে। কেতিয়া ঘৰৰ সন্মুখত নতুবা কেতিয়াবা গাড়ীত উঠাৰ সময়ত ফটোগ্ৰাফাৰসকলে ফটো তুলি আহিছে। কিন্তু এইবাৰ মুম্বাইৰ ৰাজপথত অকলশৰে দেখা পোৱা গ’ল গৌৰীক।

পুৱাৰ ভাগত মুখত মৃদু হাঁহি আৰু কাণত হেডফোন লৈ পোনে পোনে মনিং ৱাকৰ বাবে ৰাজপথলৈ ওলাই আহিছিল গৌৰী। ৰাজপথত ফটোগ্ৰাফাৰে তেওঁক দেখি ফটো তুলিবলৈ লওঁতেই গৌৰীয়ে বিপৰীত দিশে মুখ কৰি খোজ কাঢ়িবলৈ আৰম্ভ কৰে।

কিন্তু তাৰ পিছতো ফটোগ্ৰাফাৰে তেওঁৰ ফটো তুলিবলৈ চেষ্টা কৰে। সেই সময়ত গৌৰীয়ে ফটো নল’বলৈ ফটোগ্ৰাফাৰক আঙুলিৰে নিৰ্দেশ দিয়ে।

জানিব পৰা মতে, বাংলালুৰুৰ নিবাসী গৌৰী স্প্ৰাট। বৰ্তমান তেওঁৰ বয়স ৪৬ বছৰ। লগতে তেওঁ এজন পুত্ৰ সন্তানৰ মাতৃ। আনহাতে অভিনেতা আমীৰ খানৰ বয়স হৈছে ৬১ বছৰ।

দুয়োৰে বয়সৰ মাজত পাৰ্থক্য ১৪ বছৰ। সম্প্ৰতি মুম্বাইৰ ঘৰত একেলগে বাস কৰে গৌৰী আৰু আমিৰ।
শেহতীয়াকৈ ২০২১ চনত দ্বিতীয় পত্নী কিৰণ ৰাওৰ সৈতে আমিৰৰ বিচ্ছেদ ঘটে।

আমিৰে দ্বিতীয় পত্নী কিৰণ ৰাওৰ সৈতে বিচ্ছেদ ঘটায়।তেওঁলোকে যৌথভাৱে বিচ্ছেদৰ কথা ঘোষণা কৰে। দুয়োৱে যৌথভাৱে এই কথা প্ৰকাশ কৰে।

লগতে পঢ়ক: জাপানক চেৰ পেলাই ভাৰতৰ অগ্ৰগতি

ইয়াৰ পিছত অভিনেত্ৰী ফাতিমা ছানা শ্বেখৰ সৈতে আমিৰৰ নাম খাঙুৰ খাই পৰে যদিও আমিৰে তাৰ মাজতে নিজৰ জীৱন সংগীক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

আমিৰে কয়, “মই এনেকুৱা এগৰাকী সংগী বিচাৰি আছিলো যাৰ মাজত মই শান্তি বিচাৰি পাম। যাৰ সংগই মোক শান্তি দিব। সেই সময়তে গৌৰী মোৰ জীৱনলৈ আহিল।” আনহাতে গৌৰীয়ে কয়, “মই মোৰ জীৱনত এজন দয়ালু আৰু কোমল অন্তৰৰ মানুহ বিচাৰিছিলো।”

Leave A Reply

Your email address will not be published.