পুত্ৰক স্তনপান বন্ধ কৰিলে জটিল ৰোগত আক্ৰান্ত দীপিকাই। ১ বছৰীয়া পুত্ৰই এতিয়া কি খাব?

0 593

পুত্ৰ ৰুহন আৰু স্বামী শ্বোৱেইব ইব্ৰাহিমৰ সৈতে সুখী জীৱন-যাপন কৰি আছিল অভিনেত্ৰী দীপিকা কক্কাৰে। কিন্তু হঠাৎ সুখী জীৱনৰ মাজলৈ আহিল এটা বেয়া খবৰ।

জানিব পৰা মতে, বিগত কেইদিনমান ধৰি অসুস্থতাত ভুগি আছিল অভিনেত্ৰী দীপিকা। লিভাৰ টিউমাৰত আক্ৰান্ত অভিনেত্ৰী দীপিকা।

কিছুদিন পূৰ্বে অভিনেত্ৰীগৰাকীয়ে অস্ত্ৰোপচাৰ কৰা হ’ব বুলি অৱগত কৰিছিল যদিও পিছত টিউমাৰটো মাৰাত্মক কেন্সাৰলৈ পৰিৱৰ্তিত হোৱা বুলি তেওঁ অৱগত কৰে।

দীপিকাই এটা ব্লগত কৈছিল, “মই জানো যে কেন্সাৰ শব্দটো শুনিলেই মানুহে ভয় খায়, কিন্তু মই শক্তিশালী হৈ থাকিবলৈ চেষ্টা কৰিছো। মই ৰুহনক স্তনপান কৰোৱা বন্ধ কৰিছো। সিয়ো বুজি পাইছে যে মাকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। সি মোৰ ওচৰলৈ এবাৰ বা দুবাৰ আহে।”

লগতে পঢ়ক: গৌৰীৰ পিছে পিছে ফটোগ্ৰাফাৰ, ফটোগ্ৰাফাৰক দেখি গৌৰীয়ে কি কৰিলে?

পত্নীৰ অসুস্থতাৰ খবৰ পাই স্বামী শ্বোয়াইব দুখত ভাঙি পৰিছিল। দীপিকাৰ অসুস্থ হৈ পৰাৰ পিছৰে পৰাই পুত্ৰ ৰুহনক লৈ তেওঁ চিন্তিত হৈ পৰিছিল।

সেই সময়ত শ্বোয়াইবে কৈছিল যে, ‘তেওঁৰ পুত্ৰ ৰুহানে এতিয়াও মাতৃদুগ্ধ খায়, গতিকে তেওঁ সৰু ল’ৰাটোক কেনেকৈ ৰাখিব পাৰিব’। কিন্তু অৱশেষত তেওঁৰ সেই ভয় সঁচা হৈ পৰিল।

media school
Leave A Reply

Your email address will not be published.