চাহৰ লগত নিয়মিতভাৱে ধূমপান কৰে নেকি? ইয়াৰ ফলত কি হয়?

0 360

ৰাতিপুৱা বা গধূলি হাতত একাপ চাহ লৈ ধূমপায়ীসকলে চিগাৰেটৰ এটা তুলি লয়। ধুমপান স্বাস্থ্যৰ বাবে অতি হানিকাৰক। বহুলোকৰ বাবে চাহৰ লগত ধূমপান কৰাটো এটা অভ্যাস হৈ পৰিছে।

কিন্তু চাহৰ লগত ধূমপান কৰিলে ক্ষতিৰ পৰিমাণ আৰু অধিক বৃদ্ধি পায় বুলি চিকিৎসকৰ গৱেষণাত প্ৰকাশ পাইছে।

‘এনালছ অৱ ইণ্টাৰনেল মেডিচিন’ত প্ৰকাশিত এক গৱেষণা পত্ৰত চাহৰ সৈতে ধূমপান কৰিলে শৰীৰ হোৱা ক্ষতিৰ কথা স্বতৰ্স্ফূতভাৱে প্ৰকাশ পাইছে। তথ্য অনুসৰি গৰম চাহৰ লগত ধূমপান কৰিলে খাদ্যনলীৰ বেৰৰ কোষবোৰ প্ৰায়ে ক্ষতিগ্ৰস্ত হয়।

যাৰ ফলত কেন্সাৰ ৰোগৰ আশংকা বঢ়াৰ সম্ভাৱনা থাকে । চাহত থকা কেফেইনে পেটত পাচক ৰস উৎপন্ন কৰাত সহায় কৰে, যিয়ে খাদ্য হজম কৰাত সহায় কৰে।

লগতে পঢ়ক: পুত্ৰক স্তনপান বন্ধ কৰিলে জটিল ৰোগত আক্ৰান্ত দীপিকাই। ১ বছৰীয়া পুত্ৰই এতিয়া কি খাব?

কিন্তু চিগাৰেটৰ নিকোটিনৰ লগত মিহলি হ’লে মূৰৰ বিষ বা মূৰ ঘূৰনি হ’ব পাৰে। এনে অভ্যাসে প্ৰায়ে খাদ্যনলীৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ লগতে হাওঁফাওঁৰ কৰ্কট ৰোগ আৰু আলচাৰৰ সম্ভাৱনাও বৃদ্ধি কৰে।

চিকিৎসকৰ মতে ধূমপায়ী এজনৰ কৰ্কট ৰোগৰ সম্ভাৱনা ধূমপান নকৰা জনতকৈ ৭ শতাংশ বেছি।

লগতে ধূমপানে এজন ব্যক্তিৰ আয়ুস ২০ বছৰ পৰ্যন্ত হ্ৰাস কৰিব পাৰে। সেইবাবেই ডাক্তৰে প্ৰায় ধূমপান বৰ্জন কৰিবলৈ ধূমপায়ীসকলক পৰামৰ্শ আগবঢ়ায়।

media school
Leave A Reply

Your email address will not be published.