‘সোনম ৰঘুবংশীক ৰাজে বাইদেউ বুলি মাতিছিল’! ৰাজক গ্ৰেপ্তাৰৰ পিছতে কি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ধৃত ৰাজৰ পৰিয়ালে?

0 626

মেঘালয় ৰঘু ৰঘুবংশীৰ হত্যাকাণ্ডই সমগ্ৰ দেশ জোঁকাৰি গৈছে। ৰাজাৰ মৃতদেহ উদ্ধাৰৰ পিছৰে পৰা পোহৰলৈ আহিছে ন ন তথ্য। ৰাজা ৰঘুবংশী হত্যাকাণ্ডত পত্নী সোনম আৰু সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা জড়িত থকাৰ থকা ইতিমধ্যে স্পষ্ট হৈছে।

তথ্য অনুসৰি সোনমৰ বিয়াৰ পূৰ্বেই প্ৰেমিক ৰাজৰ সৈতে সোনমে স্বামী ৰঘুক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। বিয়াৰ পিছতো সোনম আৰু ৰাজ দুয়ো যোগাযোগত আছিল।

বিবাহৰ পিছতে মেঘালয়লৈ হানিমুনৰ বাবে গৈছিল সোনম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশী। তাৰ পিছতে বিগত ২৩ মে’ ৰ পৰা সন্ধানহীন হৈ আছিল ৰাজা ৰঘুবংশী। অৱশেষত ২ জুনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৰাজাৰ উৱলি যোৱা মৃতদেহটো ।

ৰঘুৰ হত্যাকাণ্ডৰ অভিযোগত দেওবাৰে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা সোনম ৰঘুবংশী আৰু মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা ৰাজক কুশৱাহক গ্ৰেপ্তাৰ কৰে মেঘালয় আৰক্ষীয়ে।

ৰাজক গ্ৰেপ্তাৰৰ পিছতে ৰাজৰ পৰিয়ালে উত্থাপিত কৰিছে কেতবোৰ দাবী। সংবাদ মাধ্যমৰ আগত ৰাজৰ ভগ্নীয়ে উল্লেখ কৰে যে, “সোনমৰ সন্মিকা নামেৰে এটা ব্যৱসায় প্ৰতিষ্ঠান আছিল। সেই প্ৰতিষ্ঠানটোত ৰাজ কৰ্মচাৰী আছিল। সোনমৰ সৈতে ৰাজৰ সম্পৰ্ক মালিক-কৰ্মচাৰীৰ দৰেই। ৰাজক মিচাকৈ অভিযুক্ত সজোৱা হৈছে।”

ধৃত ৰাজৰ মাতৃয়েও দাবী কৰে যে, “ৰাজে কৰ্মসূত্ৰহে সোনমৰ সৈতে কথা পাতিছিল। মোৰ ল’ৰাটোৱে এনেকুৱা কাম কৰিব নোৱাৰে।”

লগতে পঢ়ক: মুম্বাইৰ বৰষুণজাকত কাৰ সৈতে প্ৰেম হৈছিল দীপিকাৰ? দীপিকাৰ প্ৰথম প্ৰেম কোন?

media school
Leave A Reply

Your email address will not be published.