শিৱসাগত ভয়াৱহ পৰিস্থিতি। দ্বিতীয় বাঘজান কাণ্ড সংঘটিত হোৱাৰ আশংকা!

0 538

শিৱসাগৰৰ ভটিয়া পাৰত ONGC ৰ ৰীগত ভয়ংকৰ বিস্ফোৰণ। নিগমৰ ৰূদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নং ৰীগত সংঘটিত হয় ভয়ংকৰ ঘটনা। ৰীগৰ পৰা অহৰহ তীব্ৰ শব্দৰে নিৰ্গত হৈ আছে প্ৰাকৃতিক গেছ।

প্ৰায় তিনি, চাৰি কিলোমিটাৰ নিলগৰ পৰা শুনা গৈছে গেছ নিৰ্গত হোৱাৰ শব্দ। ৰীগৰ পৰা গেছ নিৰ্গত হোৱাৰ শব্দই সমগ্ৰ ৰূদ্ৰসাগৰ, ভটীয়াপাৰত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷

ইতিমধ্যে বিস্ফোৰিত ৰীগটোৰ আশে-পাশে থকা মুঠ অৰ্ধ শতাধিক পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে৷

একাধিক অগ্নিনিৰ্বাপক বাহনে পানী মাৰি শীতল কৰি ৰাখিবলৈ সক্ষম হয় নিৰ্গমণ হৈ থকা ৰীগটো। ঘটনাস্থলীত ONGCৰ তৰফৰ পৰা মোতায়েন কৰা হয় বিশেষজ্ঞৰ দল৷

লগতে পঢ়ক: ‘সোনম ৰঘুবংশীক ৰাজে বাইদেউ বুলি মাতিছিল’! ৰাজক গ্ৰেপ্তাৰৰ পিছতে কি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ধৃত ৰাজৰ পৰিয়ালে?

media school
Leave A Reply

Your email address will not be published.