কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ বিয়োগ। হঠাৎ কেনেকৈ মৃত্যুক আকোৱালি ল’লে সঞ্জয়ে?

0 438

বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী তথা ব্যৱসায়ী সঞ্জয় কাপুৰৰ দেহাৱসান। ইংলেণ্ডৰ গাৰ্ডছ প’লো ক্লাবত প’ল’ খেলি থকাৰ সময়তে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মাটিত ঢলি পৰে সঞ্জয় কাপুৰ।

This image has an empty alt attribute; its file name is %E0%A6%82%E0%A6%82%E0%A6%82%E0%A6%82%E0%A6%82%E0%A6%82%E0%A6%82%E0%A6%82%E0%A6%82%E0%A6%82%E0%A6%82%E0%A6%82%E0%A6%82%E0%A6%82%E0%A6%82%E0%A6%82.jpg

লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে সঞ্জয় কাপুৰক।

মৃত্যুৰ কিছুসময় পূৰ্বে X হেণ্ডেলত আহমেদাবাদৰ শিহৰণকাৰী দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ কৰি এটা পোষ্ট লিখিছিল সঞ্জয় কাপুৰে। বৰ্তমান । তেওঁৰ অকাল মৃত্যুৰ খবৰে বৰ্তমান সকলোকে মৰ্মাহত কৰি তুলিছে।

২০০৩ চনত অভিনেত্ৰী কৰিশ্মা কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় সঞ্জয় কাপুৰৰ। সমায়ৰা আৰু কিয়ান নামৰ দুই সন্তানৰ পিতৃ-মাতৃ কৰিশ্মা আৰু সঞ্জয়।

কিন্তু বিবাহৰ কেইবছৰমান পিছত তেওঁলোকৰ সম্পৰ্কত কিছু ফাঁট মেলাত ২০১৪ চনত কৰিশ্মাই বিবাহ বিচ্ছেদৰ বাবে ন্যায়ালয়ত আবেদন জনায়। সেই অনুসৰি ২০১৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।

বিবাহ বিচ্ছেদৰ সময়ত কৰিশ্মাই সঞ্জয়ৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে, য’ত মানসিক আৰু আৱেগিক অত্যাচাৰও কথাও উল্লেখ আছিল। তাৰ পিছতে বহু দিনলৈ এই বিষয়টো সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছিল।

কৰিশ্মাৰ সৈতে বিবাহ বিচ্ছেদ ঘটাৰ পিছতে প্ৰিয়া সচদেৱৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয় সঞ্জয় কাপুৰ।

লগতে পঢ়ক: শিৱসাগত ভয়াৱহ পৰিস্থিতি। দ্বিতীয় বাঘজান কাণ্ড সংঘটিত হোৱাৰ আশংকা!

Leave A Reply

Your email address will not be published.