উত্তপ্ত ভটীয়াপাৰ! ‘মাৰোৱাৰী গ’ বেক’ ধ্বনীৰে বীৰ লাচিত সেনাৰ গৰ্জন

0 451

শিৱসাগৰৰ ভটীয়াপাৰত চেপা উত্তেজনা। এচ কে পেট্ৰৰ মুখ্য কাৰ্যালয় কঁপালে বীৰ লাচিত সেনাই। ‘তেল চোৰ কৃষ্ণ আগৰৱালা মূৰ্দাবাদ, এচ কে পেট্ৰ মূৰ্দাবাদ’ ধ্বনিৰে উত্তাল প্ৰতিবাদ।

শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাৰ সৈনিকে এচ কে পেট্ৰৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

এঘন্টাৰ সময় সীমা উকলি যোৱাৰ পিছতো উপস্থিত নহ’ল এচ কে পেট্ৰৰ স্বতাধিকাৰী কৃষ্ণ আগৰৱালা৷ তাৰ পিছতে তেল চোৰ কৃষ্ণ আগৰৱালাৰ কৈলাশ ভৱনত তলা মৰাৰ চেষ্টা বীৰ লাচিত সেনাৰ৷

বীৰ লাচিত সেনাৰ তলা মৰা কাৰ্যত বাধা আৰোপ কৰে আৰক্ষী তথা প্ৰশাসনে। লগে লগে এচ কে পেট্ৰৰ কাৰ্যালয়ৰ সন্মুখতেই বহি পৰে বীৰ লাচিত সেনা।

শেহতীয়াকৈ এচ কে পেট্ৰত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা বিশ্ব হাজৰিকাৰ পৰিয়ালক লগত লৈ উচিত ক্ষতি পুৰণৰ দাবীত বীৰ লাচিত সেনাই সাব্যস্ত কৰি তুলে প্ৰতিবাদ৷

দাবী পুৰণ নহলে গভাইত তেল চোৰ কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে ভয়াৱহ আন্দোলনৰ হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ৷

লগতে পঢ়ক: ১০ গৰাকী অসমীয়া শ্ৰমিকৰ জীৱনক লৈ হেতালি! এফালে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত ONGCৰ বিৰিয়ানী পাৰ্টী!

media school
Leave A Reply

Your email address will not be published.