ৰাজা ৰঘুবংশী হত্যাকাণ্ডত অন্তৰ্ভূক্ত আন এক ‘ৰহস্যময়ী’ চৰিত্ৰ! ৰাজাৰ সৈতে কিবা সম্পৰ্ক আছে নেকি চৰিত্ৰটোৰ?

0 407

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডই ক্ৰমাত লৈছে ইটোৰ পিছত সিটোকৈ নাটকীয় পাক। দিনক দিনে আৰক্ষীয়ে লাভ কৰিছে নতুন নতুন চৰিত্ৰৰ তথ্য। এই নতুন চৰিত্ৰটোৰ ৰাজা ৰঘুবংশী হত্যাৰ সৈতে কিবা সম্পৰ্ক আছে নেকি?

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে নতুন চৰিত্ৰৰ তথ্য। সোনমৰ সৈতে ঘনিষ্ঠ যুৱতীগৰাকীক কেন্দ্ৰ কৰি নতুন ৰহস্যৰ সৃষ্টি হৈছে। তথ্য অনুসৰি, সোনমৰ সৈতে অলকাৰ বন্ধুত্ব অতি ঘনিষ্ঠ।

ইতিমধ্যে ৰাজাৰ পৰিয়ালে অলকাক লৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে প্ৰশ্নও উত্থাপন কৰিছে। এই যুৱতীগৰাকীৰ ৰাজাৰ হত্যাকাণ্ডৰ সৈতে কিবা সম্পৰ্ক আছে নেকি সেই তথ্য সম্ভেদ কৰাৰ বাবে বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।

ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীয়ে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে যে, “অলকা সোনমৰ ঘনিষ্ঠ বন্ধু। এই হত্যাকাণ্ডৰ সৈতে অলকাৰো ভূমিকা আছে বুলি আমি সন্দেহ কৰিছোঁ। আৰক্ষীয়ে আলকাৰ বিষয়টো গুৰুত্ব সহকাৰে চোৱা উচিত।”

সমান্তৰালভাৱে দুদিন পূৰ্বে আৰক্ষীৰ দৃষ্টিগোচৰ হৈছিল সঞ্জয় বাৰ্মা নামৰ এটা চৰিত্ৰ। তাৰ পিছত আৰক্ষীৰ তদন্তত ওলাই পৰে প্ৰকৃত তথ্য। সঞ্জয় বাৰ্মা আন কোনো নহয় সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা হয়।

তথ্য অনুসৰি, ৰাজে ভুৱা নামেৰে সোনমৰ সৈতে সংস্পৰ্শত আছিল। এই ৰহস্য প্ৰকাশ পোৱাৰ আগতেই তদন্তকাৰীয়ে আন এটা নতুন চৰিত্ৰৰ অৱস্থান বিচাৰি উলিয়াইছিল।

লগতে পঢ়ক: শ্ৰীকৃষ্ণ আগৰৱালাৰ কু-কীৰ্তিৰ নতুন তথ্য! আঁচলেৰে চকুলো টুকি সকলো ক’লে দুৰ্ভগীয়া পত্নীয়ে!

media school
Leave A Reply

Your email address will not be published.