‘ইৰাণ আমাৰ পুৰণি বন্ধু’! ইৰানৰ পক্ষত ইজৰাইল। কি হ’ব মধ্যপ্ৰাচ্যৰ পৰিস্থিতি?

0 552

দিনক দিনে মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰে লৈছে ভয়াৱহ ৰূপ। নৱম দিনতো অব্যাহত আছে ইৰান-ইজৰাইলৰ মাজৰ যুদ্ধ। ইজৰাইলৰ ওপৰত ইৰানে চলাইছে ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ।নিশা ইজৰাইলৰ হলন চহৰৰ ওপৰত ইৰানে নিক্ষেপ কৰে বেলিষ্টিক মিছাইল। সমান্তৰালভাৱে তেল এভীভলৈও ইৰানে নিক্ষেপ কৰে বেলিষ্টিক মিছাইল।

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা অব্যাহত থকাৰ মাজতে ইৰান-ইজৰাইলৰ যুদ্ধৰ মাজত এন্ট্ৰি মাৰিছে আমেৰিকাৰ আৰু ৰাছিয়াই। ইজৰাইলৰ পক্ষত আমেৰিকা থিয় দিয়াৰ বিপৰীতে ইৰানৰ পক্ষত থিয় দিছে ৰাছিয়া।

শেহতীয়াকৈ আমেৰিকা আৰু ইজৰাইলক প্ৰত্যাহ্বান জনাইছে ৰাছিয়াই।

ইৰানৰ সমৰ্থনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লামিডিৰ পুটিনে মন্তব্য কৰে যে, ‘ইৰানৰ পাৰমাণৱিক শক্তি উৎপাদনৰ সমৰ্থনত আমি আছো, পাৰমাণৱিক শক্তি উৎপাদন কৰাত ইৰানৰ সম্পূৰ্ণ অধিকাৰ আছে। ইৰান আমাৰ পুৰণি বন্ধু।’

ইজৰাইলে লক্ষ্য কৰি লৈছে ইৰানৰ পাৰমাণৱিক ঘাটি। ইৰানৰ পৰামাণৱিক ঘাটিত ইজৰাইলে এয়াৰষ্ট্ৰাইক নিক্ষেপ কৰে। তাৰ পিছতে ইৰানে প্ৰকাশ কৰে বিস্ফোৰক তথ্য।

ইজৰাইলে ইৰানৰ ওপৰত আক্ৰমণ বন্ধ নকৰালৈকে আমেৰিকাৰ সৈতে কোনো ধৰণৰ আলোচনা নহয় বুলি মন্তব্য কৰে ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিয়ে।

লগতে পঢ়ক: ৰাজা ৰঘুবংশী হত্যাকাণ্ডত অন্তৰ্ভূক্ত আন এক ‘ৰহস্যময়ী’ চৰিত্ৰ! ৰাজাৰ সৈতে কিবা সম্পৰ্ক আছে নেকি চৰিত্ৰটোৰ?

media school
Leave A Reply

Your email address will not be published.