বাঘজানৰ জুই নির্বাপণৰ সামগ্রী লৈ কলকাতাত এয়াৰক্রাফট এণ্ট’ন’ভ

0 700

তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্রৰ ৫নং খাদত সংঘটিত অগ্নিকাণ্ড নির্বাপণৰ বাবে সুদূৰ কানাডাৰ পৰা অত্যাধুনিক সামগ্রী কঢ়িওৱাত ব্যৱহূত হৈছে বিশ্বৰ সর্ববৃহৎ এয়াৰক্রাফট এণ্ট’ন’ভ৷ ৫৯ হাজাৰ কিলোগ্রাম ওজনৰ সামগ্রীসহ যোৱানিশা কলকাতা বিমানবন্দৰত অৱতৰণ কৰিছে এন–১২৪ (এণ্ট’ন’ভ) এয়াৰক্রাফটে৷গুৱাহাটীস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ আৰু মোহনবাৰী বিমানবন্দৰত কাৰিকৰী অসুবিধাৰ বাবে এণ্ট’ন’ভে অৱতৰণ কৰিব নোৱাৰাৰ বাবে কলকাতাত লেণ্ডিং কৰোৱা হয়৷উল্লেখ্য যে কানাডাৰ কেলগেৰীৰ পৰা বাঘজান তৈলক্ষেত্রৰ অগ্নি নির্বাপণৰ বাবে এণ্ট’ন’ভৰ জৰিয়তে স্নাবিং ইউনিট অনা হৈছে৷ ইতিমধ্যে মেছার্ছ এলার্ট ডেমেজ কণ্ড্র’ল নামৰ বিদেশী সংস্থাৰ চাৰিজন বিশেষজ্ঞই দীর্ঘদিনে কাম কৰি আছে অগ্ণি নির্বাপণৰ বাবে৷ কিন্তু বর্তমানলৈ অগ্ণিকাণ্ড নিয়ন্ত্রণলৈ নহাত এই সংস্থাটোৱে এলবাটাস্থিত পিষ্টন ৱেল ছার্ভিচৰ সহযোগিতা বিচাৰিছে৷ চাৰিজন নতুন বিশেষজ্ঞসহ স্নাবিং ইউনিট এণ্ট’ন’ভৰ জৰিয়তে প্রেৰণ কৰিছে পিষ্টন ৱেল ছার্ভিচে৷ সীমা শুল্ক বিভাগে যাৱতীয় অনুমতি প্রদান কৰাৰ পাছতে কলকাতাৰ পৰা স্নাবিং ইউনিটৰ সামগ্রীসমূহ বাঘজানলৈ অনা হ’ব৷

ট্রেইলাৰৰ জৰিয়তে কলকাতাৰ পৰা ডিব্রুগড়লৈ সামগ্রীসমূহ অনা হ’ব আৰু ইয়াৰ বাবে সময় লাগিব ১৪ দিন৷ ইয়াৰ পাছতে বিশেষভাৱে দলটোৱে অত্যাধুনিক সা–সৰঞ্জামৰ জৰিয়তে বাঘজানৰ তৈলক্ষেত্রৰ অগ্নি  নির্বাপণৰ চেষ্টা চলাব৷ অইলৰ বিষয়ববীয়া আৰু বিশেষজ্ঞসকলে দুয়োটা বিদেশী সংস্থাৰ যুটীয়া প্রচেষ্টাত শীঘ্রে জুই নির্বাপণ হ’ব বুলি আশা প্রকাশ কৰিছে৷ অহা ১৪ নৱেম্বৰৰ ভিতৰত বাঘজানত অগ্নি  নির্বাপণৰ সম্ভাৱনীয়তা প্রকাশ কৰা হৈছে৷

Leave A Reply

Your email address will not be published.