আপোনাৰ ফোনত এই এপটো আছে নেকি? ছেকেণ্ডতে আপোনাৰ একাউন্ট খালী হ’ব পাৰে..

0 265

বৰ্তমান যুগ ডিজিটেল যুগ। যিমানেই সকলোবোৰ ডিজিটেল হৈছে সিমানেই প্ৰৱঞ্চনাৰ আশংকাও বাঢ়িছে। নিতৌ একাংশ দুৰ্বৃত্তই মানুহক প্ৰৱঞ্চনা কৰিবলৈ ন ন কৌশল অৱলম্বন কৰি আহিছে।

কেতিয়াবা যদি লিংকৰ জৰিয়তে , কেতিয়াবা আকৌ ভিডিঅ’ কলৰ জৰিয়তে মানুহক জালত পেলোৱাৰ চেষ্টা কৰিছে একাংশ দুষ্টচক্ৰই। গতিকে এই জনসাধাৰণ এই ক্ষেত্ৰত সজাগ হৈ থকাটো অতি প্ৰয়োজন।

চৰকাৰেও এই ক্ষেত্ৰত মানুহক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। শেহতীয়াকৈ চৰকাৰে ট্ৰেডিং কৰি টকা উপাৰ্জন কৰা এটা নতুন ভুৱা এপৰ বিষয়ে জনতাক সজাগ কৰিছে।

যিটো এপছে ছেকেণ্ডতে আপোনাৰ একাউন্ট খালী কৰিব পাৰে। এই ভুৱা এপটোৰ নাম হৈছে 5pit Trade। এই ভুৱা এপছটোৰ বিষয়ে গৃহ মন্ত্ৰালয়ৰ অধীনৰ ‘চাইবাৰ দোষ্টে’ প্ৰকাশ কৰিছে বিস্ফোৰক তথ্য।

যদি আপোনাৰ মোবাইলত 5pit Trade ৰ দৰে ভুৱা এপ আছে তেন্তে সাৱধান হওঁক। কাৰণ ইয়াৰ জৰিয়তে আপুনি সহজতে প্ৰৱঞ্চকৰ জালত পৰিব পাৰে আৰু বৃহৎ লোকচানৰ সন্মুখীন হ’ব পাৰে।

সম্ভৱতঃ বহুতে এই এপটো ডাউনলোড কৰিছে কাৰণ এই এপটোৰ ল’গটো 5paisa এপৰ দৰেই নিৰ্মাণ কৰা হৈছে।

আপোনাৰ মোবাইলত যদি এই এপটো আছে তেন্তে তৎক্ষণাত ডিলিট কৰক আৰু ডিলিট কৰাৰ পূৰ্বে আপোনাৰ বেংক একাউন্টৰ সবিশেষ তথ্য এপটোৰ পৰা আঁতৰাবলৈ নাপাহৰিব।

লগতে পঢ়ক: বাৰে বাৰে দুঃস্বপ্ন দেখা পায়! এয়া ‘অকাল মৃত্যু’ৰ সংকেত নেকি? ইয়াৰ বিষয়ে কি কয় গৱেষণাই?

media school
Leave A Reply

Your email address will not be published.