তাই মোৰ নহ’ল যেতিয়া ময়ো কাৰো হ’বলৈ নিদিওঁ! কিয় বাল্মিকীৰ পৰা ৰত্নাকৰ হ’ল স্বামী?

0 691

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে বাল্মিকীৰ পৰা ৰত্নাকৰ হ’ল স্বামী। পত্নীৰ উপদ্ৰৱ সহ্য কৰিব নোৱাৰি স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড।

“তাই মোৰ নহ’ল যেতিয়া ময়ো কাৰো হ’বলৈ নিদিওঁ। চাৰি-পাঁচবাৰ পলাই গৈছে, সেইকাৰণে শেষ কৰি দিলোঁ। নিউজটো ধুনীয়াকৈ বজাব”। এইদৰে সাংবাদিকৰ কেমেৰাৰ আগত গৌৰৱেৰে ক’লে হত্যাকাৰী স্বামীয়ে।

নগাঁৱৰ কঠিয়াতলীত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। টুবুকী গ্ৰান্টত ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰি শেষত আৰক্ষী থানাত আত্মসমৰ্পন কৰিলে হত্যাকাৰী স্বামীয়ে।

মঙলবাৰে সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। ঘটনা সংঘটিত কৰিয়ে তিনি বছৰীয়া সন্তানক লৈ উধাও হৈছিল পত্নীহন্তা ডিম্বেশ্বৰ গগৈ। অৱশেষত বুধবাৰে বোকাখাত আৰক্ষী থানাত আত্মসমৰ্পন কৰে হত্যাকাৰী ডিম্বেশ্বৰ গগৈয়ে।

স্বামীৰ প্ৰহাৰত থিতাতে নিহত ৰমলা কোঁৱৰ নামৰ মহিলাগৰাকী। আত্মীয় লোকে ঘৰৰ দৰ্জা ভাঙি প্ৰত্যক্ষ কৰে মৃতদেহটো। মৃতদেহত আঘাতৰ স্পষ্ট হৈ আছে আঘাতৰ চিন।

কিন্তু এতিয়া প্ৰশ্ন হৈছে, কিহৰ বাবে দিনক দিনে বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ সংখ্যা? ইয়াৰ পৰা কি শিক্ষা ল’ব ভৱিষ্যত প্ৰজন্মই?

লগতে পঢ়ক: এজন পুৰুষৰ এইসমূহ গুণে পুৰুষজনক এগৰাকী মহিলাৰ প্ৰিয় পাত্ৰ কৰি তুলে। এই গুণসমূহৰ বিষয়ে চাণক্যই কি কয়?

media school
Leave A Reply

Your email address will not be published.