বিয়াৰ পাছত কিয় ওজন বৃদ্ধি পায়? ইয়াৰ কাৰণ কি?
আজিকালি প্ৰায় ব্যক্তিয়ে মেদবহুলতাৰ সমস্যাত ভুগা দেখা যায়। বিশেষকৈ বিবাহৰ পিছত বহু স্বামী-স্ত্ৰী মেদবহুলতাৰ সমস্যাত ভোগা দেখা যায়। ভাৰতত ওজন বৃদ্ধিৰ সমস্যা সৰ্বাধিক।

ভাৰতৰ চাৰি দম্পত্তিৰ ভিতৰত এহাল দম্পত্তি মেদবহুলতাৰ সমস্যাত আক্ৰান্ত বুলি প্ৰতিবেদনত পোহৰলৈ আহিছে। কেৱল স্বামী বা স্ত্ৰী এজনৰ ক্ষেত্ৰত নহয়, দুয়োৰে ক্ষেত্ৰত ওজন বঢ়া দেখা যায়।
শেহতীয়াকৈ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ তথ্য অনুসৰি দেশৰ প্ৰতি চাৰিগৰাকী স্বামী-স্ত্ৰীৰ ভিতৰত এগৰাকীয়ে মেদবহুলতাৰ সমস্যাৰ সৈতে যুঁজি আছে। যাৰ ফলত দৈনন্দিন জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়।
মেদবহুলতা প্ৰায়ে বংশগতভাৱে হয়। কিন্তু বিয়াৰ পিছত হ’লে ইয়াক জিনীয় কাৰণ বুলি ধৰা নাযায়। ওজন বৃদ্ধি পালে শৰীৰৰ তলৰ অংশত অধিক চাপ পৰে। ইয়াৰ ফলত আঁঠু আৰু কঁকালৰ সমস্যাও দেখা দিব পাৰে। আনকি আত্মবিশ্বাসো হ্ৰাস পাব পাৰে।
ইয়াৰোপৰি বাহিৰৰ খাদ্যৰ পৰিমাণ বাঢ়ি গ’লে, গভীৰ নিশা খাদ্য গ্ৰহণ কৰিলে, অতিৰিক্ত কেলৰিযুক্ত খাদ্য, মিঠাই আদি খালে মেদবহুলতাৰ সমস্যাই সহজে দেখা দিয়ে।
তথ্য অনুসৰি, আৰ্থিকভাৱে সুখী দম্পত্তিৰ ক্ষেত্ৰত এই সমস্যা বেছিকৈ পৰিলক্ষিত হয়। ইয়াৰ এটা অন্যতম কাৰণ হৈছে তেওঁলোকৰ জীৱনশৈলীত কম শাৰীৰিক পৰিশ্ৰম আৰু অতিৰিক্ত কেলৰিযুক্ত খাদ্য গ্ৰহণ।
এই সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ কৰিব পাৰি?
১) খাদ্যৰ ভাৰসাম্য ৰক্ষা কৰক। ঘৰতে ৰন্ধা খাদ্য খাবলৈ চেষ্টা কৰক। জাংক ফুড সম্পূৰ্ণভাৱে বৰ্জন কৰক
২) প্ৰতিদিনে খোজ কঢ়াটো অত্যন্ত প্ৰয়োজনীয়
৩) পৰাপক্ষত মাজনিশা আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক
৪) পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাটো অতি প্ৰয়োজনীয়
৫) সদায়েই ব্যায়াম কৰক
লগতে পঢ়ক: দেওৰৰ সৈতে অবৈধ সম্পৰ্ক! বন্ধুক মাতি আনি স্বামীৰ সৈতে কি কৰিলে পত্নীয়ে ?


