“যোগ্যতা, অৰ্হতা আৰু মেধাৰভিত্তিত নিযুক্তিৰ ব্যৱস্থাই হৈছে বিজেপিৰ লক্ষ্য”
ৰাজ্যখনৰ কাৰিকৰী শিক্ষানুষ্ঠানসমূহত বৰ্তমান সময়লৈ ৭খন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু ২৬ খন পলিটেকনিকত বিভাগে সৰ্বমুঠ ১২১০ গৰাকী প্ৰাৰ্থীক প্ৰৱক্তাৰ লগতে বিভিন্ন পদত নিযুক্তি প্ৰদান কৰিছে।

তাৰেই অংশস্বৰূপে সোমবাৰে জনতা ভৱনৰ আই ব্লকৰ সভাকক্ষত অনুষ্ঠিত হয় নিযুক্তি প্ৰদান অনুষ্ঠান। অনুষ্ঠানত ৫৯ জন সহকাৰী অধ্যাপক আৰু ২ গৰাকী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষক আনুষ্ঠানিক ভাৱে নিযুক্তি প্ৰদান কৰে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে।
অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, “আমাৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ কেৱল পাঠ্যপুথিৰ জ্ঞান আহৰণৰ এক কেন্দ্ৰ নহয় ইয়াক আমি Innovation and Startup ৰ সংমিশ্ৰণেৰে Skilled মানৱ সম্পদ তৈয়াৰ কৰাত ব্ৰতী হ’ব লাগিব।”
লগতে নতুনকৈ নিযুক্তিপ্ৰাপ্ত প্ৰতিগৰাকী প্ৰাৰ্থীক উদ্দেশ্যি তেওঁ কয় যে,”ৰাজ্য চৰকাৰখনে তেওঁলোকৰ ওপৰত এক গধুৰ দায়িত্ব ন্যস্ত কৰিছে আৰু সেয়েহে প্ৰতিগৰাকী প্ৰাৰ্থিয়ে আমাৰ কাৰিকৰী শিক্ষানুষ্ঠানসমূহৰ মান উন্নত কৰাত আত্মনিয়োগ কৰিব লাগিব।”
“তাৰোপৰি আমাৰ Model Degree College সমূহক সামগ্ৰিক ভাৱে আগুৱাই নিয়াৰ বাবে বিভাগে অভিজ্ঞ অৱসৰপ্ৰাপ্ত প্ৰৱক্তাসকলক এই শিক্ষানুষ্ঠানসমূহত নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
“ইয়াৰ মূল লক্ষ্য হৈছে যে, বহু বছৰৰ অভিজ্ঞতাৰে পৰিপুষ্ট অৱসৰী শিক্ষাগুৰুৰ জ্ঞান আৰু অভিজ্ঞতাক শিক্ষানুষ্ঠানসমূহক আগুৱাই লৈ যোৱাত ব্যৱহাৰ কৰা হ’ব।”
উল্লেখ্য যে, “এই ক্ষেত্ৰত যিসকল শিক্ষাগুৰুৱে ৬৫ বছৰৰ দেওনা পাৰ কৰিছে তেওঁলোকক ইয়াৰ বাবে যোগ্য বুলি বিবেচনা কৰা নহয়। অৰ্থাৎ নতুন আৰু পূৰণিৰ সমাহাৰেৰে Model Degree College সমূহক শিক্ষাবিভাগে আগুৱাই লৈ যোৱাত এক ব্যৱস্থা গ্ৰহণ কৰিছে।”
“যিহেতু Industrial Revolution 5.0 আহি আমাৰ দুৱাৰত টোকৰ দিছে সেয়েহে আমি আমাৰ শিক্ষানুষ্ঠানসমূহক বহুমূখী শিক্ষাৰ এক কেন্দ্ৰ কৰি তুলিব লাগিব।”
“এই ক্ষেত্ৰত অনাগত দিন সমূহত আমাৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত আৰু বিজ্ঞান শাখাৰ ডিগ্ৰী কলেজসমূহত কাৰিকৰী শিক্ষাৰ ডিপ্লমা কোৰ্চৰ প্ৰৱৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব” বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে।
শেহতীয়াকৈ সোমবাৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকে শিক্ষাবিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, কাৰিকৰী শিক্ষাৰ সঞ্চালক ধ্ৰুৱজ্যোতি বৰা।
লগতে পঢ়ক: এজাক বৰষুণতে খহিল মূল পথ। ব্যাহত যাতায়ত ব্যৱস্থা। এটা বিধ্বস্ত পথে ৰাইজৰ খুৱাইছে জ্বলা-কলা!


