ৰাস্তাই-ঘাটে ৰীল বনাই ভালপোৱা সকল সাৱধান! কেৱল জৰিমনা বিহাই নহয়, জে’ল পৰ্যন্ত হ’ব পাৰে………..

0 352

বৰ্তমান সময়ত ৰীল বনোৱাটো সকলোৰে বাবে ফেশ্বনত পৰিণত হৈছে। বহুক্ষেত্ৰত ৰীল প্ৰেমীসকলক ৰাস্তাই-ঘাটেই নতুবা কৰ্মস্থলীতেই হওঁক ৰীল বনাই থকা দেখিবলৈ পোৱা যায়।

ৰীলৰ নিচাৰ বাবে বহুতে নিজৰ জীৱনটোক বিপদত পেলোৱাৰ কথা এবাৰো চিন্তা নকৰে। ৰে’ল ষ্টেচন, ৰে’ল লাইন বা ৰে’লৰ ভিতৰতো বহুতে ৰীল বনায়। কিন্তু এই ক্ষেত্ৰত এতিয়াৰে পৰা সাৱধান হওঁক। ৰে’লত বা ষ্টেচনত ৰীল বনাই ধৰা পৰিলে আপুনি ভৰিব লাগিব জৰিমনা।

কিছু মাহ পূ্ৰ্বে চেন্নাইৰ সমীপত ৰীল নিৰ্মাণ কৰি থকা অৱস্থাতে মৃত্যু হৈছিল ১৫ বছৰীয়া এজন ছাত্ৰৰ। ইয়াৰ পিছতে সাধাৰণ লোকৰ বাবে ৰে’ল ষ্টেচনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনোৱা হৈছিল।

তাৰ পিছতে বৰ্তমান ৰে’লৱে বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ৰে’ল ষ্টেচন, ৰে’ল লাইন আৰু ৰে’লৰ ডবাত ভিডিঅ’ বা ৰীল বনাই পোষ্ট কৰিলে বিহা হ’ব নূন্যতম ১০০০ টকাৰ জৰিমনা।

তাৰোপৰি ৰে’লৰ পৰা প্লেটফৰ্মত জপিওৱা বা উদ্ভণ্ডালীমূলক ৰীল বনালে গ্ৰেপ্তাৰ কৰা হ’ব তেনে লোকক।

বিশেষকৈ চলন্ত ৰে’লত ভিডিঅ’ কৰা, ৰে’লখন ট্ৰেকত পোৱাৰ আগতেই অন্তৰংগ ভিডিঅ’ বনোৱা, ট্ৰেকত খোজ কঢ়া, চলন্ত ৰে’লৰ পৰা প্লেটফৰ্মলৈ জপিয়াই পৰা আদি ভিডিঅ’ যাতে নিৰ্মাণ কৰিব নোৱাৰে তাৰ বাবে ৰে ‘ল বিভাগে কঠোৰ সতৰ্কতা অৱলম্বন কৰিছে।

লগতে পঢ়ক: সাৰি যাব নোৱাৰিব এটাও বাংলাদেশী নাগৰিক! বাংলাদেশীৰ বিৰুদ্ধে এক্সন মোডত অসম আৰক্ষী!

media school
Leave A Reply

Your email address will not be published.