“জনহিত জন সেৱাৰ্থে” শ্লোগানত কালিমা! সুৰাসক্ত আৰক্ষী বিষয়াই সংঘটিত কৰিলে কু-কাণ্ড

0 596

ৰাজ্যত পুনৰ আৰক্ষী বিষয়াৰ বৰ্বৰতা। খাকী পোছাকত ক’লা দাগ লগালে উচ্চ পদস্থ আৰক্ষী বিষয়াই।

এগৰাকী কিশোৰীৰে কু-কৰ্ম সংঘটিত কৰিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই। পিতৃৰ সৈতে নাটক কৰি ঘূৰি স্বগৃহলৈ উভতি অহাৰ সময়তে কিশোৰীগৰাকীৰে সংঘটিত হয় ভয়ংকৰ কাণ্ড।

শিৱসাগৰৰ আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্পন শইকীয়াৰ বিৰুদ্ধে কিশোৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে নিশা নাটক শেষ কৰি ঘৰলৈ উভতাৰ পথত সুৰাসক্ত অৱস্থাত থকা আৰক্ষী বিষয়া গৰাকীয়ে বাক-বিতণ্ডাত লিপ্ত হৈছিল কিশোৰীগৰাকীৰ পিতৃ আৰু বৰদেউতাক।

তাৰ পিছতে ঘটনাস্থলীৰ পৰা আৰক্ষীৰ গাড়ীৰে লৈ গৈছিল মাতাল আৰক্ষী বিষয়াজনক। কেৱল ইমানতে শান্ত হোৱা নাছিল আৰক্ষী বিষয়া অৰ্পন শইকীয়া ৷

হাস্যকৰভাৱে মাতাল আৰক্ষী বিষয়া অৰ্পন দাসে ঘটনাক অন্য ৰূপ দিবৰ বাবে ডিঙিৰ পৰা চেইন হেৰুওৱাৰ অভিযোগত থানাত বহুৱাই থৈছিল কিশোৰীগৰাকীৰ মাতৃ আৰু বৰমাকক।

উল্লেখ্য যে, আৰক্ষী বিষয়া অৰ্পন শইকীয়াক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰিলে শিৱসাগৰ জিলা উত্তপ্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে বিভিন্ন দল সংগঠনে ৷

লগতে পঢ়ক: মাত্ৰ ২০ টকাৰ বাবেই সংঘটিত হ’ল ভয়ংকৰ কাণ্ড! দলবদ্ধভাৱে চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা এজন লোকক।

media school
Leave A Reply

Your email address will not be published.