ভাৰতীয় সেনাৰ হাতত পুনৰ নিধন সন্ত্ৰাসবাদী! এক্সন মোডত ভাৰতীয় সেনা

0 508

জম্মু-কাশ্মীৰত অব্যাহত আছে ভাৰতীয় সেনাৰ এক্সন। ভাৰতীয় সেনাৰ হাতত নিধন হৈছে ইটোৰ পিছত সিটো সন্ত্ৰাসবাদী।

উল্লেখ্য যে, জ্ম্মু-কাশ্মীৰৰ কুলগামত অব্যাহত আছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। শুক্ৰবাৰে সেনা-সন্ত্ৰাসবাদীৰ হোৱা সংঘৰ্ষত নিহত হয় এটা সন্ত্ৰাসবাদী। দক্ষিণ কাশ্মীৰৰ আখল জিলাৰ বনাঞ্চলত সংঘটিত হয় এই ঘটনা।

তথ্য অনুসৰি, বনাঞ্চলত লুকাই থকা সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ পিছতে ভাৰতীয় সেনাৰ গুলীত নিহত হয় সন্ত্ৰাসবাদীটো।

ইয়াৰ পূৰ্বেও ৩০ জুলাইত জম্মু-কাশ্মীৰৰ পুঞ্চতো ভাৰতীয় সেনাৰ হাতত প্ৰাণ গৈছিল দুটাকৈ সন্ত্ৰাসবাদীৰ। নিহত দুই সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবাৰ সদস্য বুলি অনুমান কৰা হৈছে।

লগতে পঢ়ক: ২৩৩ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ মন্ত্ৰী পীযূষ হাজৰিকাৰ

media school
Leave A Reply

Your email address will not be published.