নামাজ আদায় কৰিয়ে পথত বেনাৰ আঁৰিলে মুছলমানে! “বাংলাদেশী য’ৰ পৰা আহিছে তালৈ ঘূৰি যাওঁক”………..

0 655

সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। উজনি অসমত ইতিমধ্যে আৰম্ভ হৈছে মিঞা খেদা অভিযান। মিঞাক উজনি অসম এৰিবৰ বাবে সকীয়নি প্ৰদান কৰিছে জাতীয় দল-সংগঠনে।

লগতে যিয়ে মিঞাক ৰক্ষণাবেক্ষণ দিয়ে তেনে ব্যক্তিৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে খিলঞ্জীয়া দল-সংগঠনে।

মিঞা খেদা অভিযান অব্যাহত থকাৰ মাজতে এখন মুছলমান গাঁৱৰ খিলঞ্জীয়া ৰাইজে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

“বাংলাদেশী য’ৰ পৰা আহিছে তালৈ ঘূৰি যাওঁক। কোনো কাৰণতে মিঞাক স্থান দিয়া নহ’ব। “আত্মীয়কো স্থান দিয়া নহ’ব। যদি কৰে প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিব” বুলি মন্তব্য কৰিছে মুছলমান গাঁৱৰ খিলঞ্জীয়া ৰাইজে।

উল্লেখ্য যে, কামপুৰৰ মুছলমান গাঁৱৰ ৰাইজে গ্ৰহণ কৰিছে এই পদক্ষেপ। ৰাজ্যৰ বিভিন্ন অঞ্চলত একাংশ উচ্ছেদিত লোকে আশ্ৰয় লৈছে, যাৰ বাবে পথত বেনাৰ আঁৰি উচ্ছেদিতক গাঁওখনত প্ৰৱেশ বন্ধ কৰিলে মছজিদ সমিতি আৰু স্থানীয় ৰাইজে।

লগতে পঢ়ক: অসমীয়া জাতিক নিশেষ কৰাৰ চেষ্টা কৰিলে পৰিস্থিতি ভয়ংকৰ হ’ব! মিঞাক সকীয়নি মুখ্যমন্ত্ৰীৰ……..

media school
Leave A Reply

Your email address will not be published.