শিৱসাগৰৰ বিধায়কে মোক বিজেপিৰ এজেন্ট আখ্যা দিছে! বিধায়ক অখিল গগৈক উভতি ধৰিলে শৃংখল চলিহাই!

0 833

শেহতীয়াকৈ উজনি অসমত অব্যাহত আছে মিঞা খেদা অভিযান। খিলঞ্জীয়া দল-সংগঠনসমূহে ইতিমধ্যে মিঞাক ঘৰে ঘৰে গৈ উজনি অসম এৰিবৰ বাবে সকীয়নি প্ৰদান কৰি আহিছে। কিছুদিন পূৰ্বে বীৰ লাচিত সেনাৰ সৈনিকসকলে মিঞাক শীঘ্ৰে উজনি অসম এৰিবৰ বাবে সকীয়নি প্ৰদান কৰিছিল।

মিঞা বিৰোধী অভিযান চলি থকাৰ মাজতে শুক্ৰবাৰে শিৱসাগৰত অনুষ্ঠিত হয় নাগৰিক সভা। সভাত অখিল গগৈক উভতি ধৰিলে বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাই।

“অখিল গগৈক উভতি ধৰি শৃংখল চলিহাই উল্লেখ কৰে যে, “বাৰে বাৰে মোক বিজেপিৰ এজেন্ট বুলি আখ্যা দিলে মোৰ আপত্তি আছে। মই আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ ছাঁটোৱে দেখি পোৱা নাই। শৃংখল চলিহাই বিজেপি, কংগ্ৰেছ নকৰে। শৃংখল চলিহা জাতীয়তাবাদৰ লগত আছে।”

তাৰোপৰি অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰক ভাষ্য প্ৰদান শৃংখল চলিহাই কয় যে, “ৰাজনৈতিক লাভালাভৰ বাবে অখিল গগৈয়ে এনে টুলুঙা মন্তব্য কৰিছে। যেতিয়ালৈকে মই অনা অসমীয়াৰ বিৰুদ্ধে মাত মাতিছিলো তেতিয়ালৈকে মই জাতীয়তাবাদী আছিলোঁ।”

“কোনোবা মন্ত্ৰী বিধায়ক হৈ এনে কথা ক’ব সেয়া মানি লোৱা নহ’ব। মোৰ কোনো চৰকাৰী দলৰ সৈতে কথা-বতৰা নহয়। মোৰ কথা-বতৰা জাতীয়তাবাদৰ লগত হৈছে। শৃংখল চলিহা কেৱল জাতীয়তাবাদৰ লগত আছে। জাতি ৰক্ষাৰ বাবে একত্ৰিত হ’ব লাগিব সকলো খিলঞ্জীয়া।”

লগতে পঢ়ক:নামাজ আদায় কৰিয়ে পথত বেনাৰ আঁৰিলে মুছলমানে! “বাংলাদেশী য’ৰ পৰা আহিছে তালৈ ঘূৰি যাওঁক”………..

media school
Leave A Reply

Your email address will not be published.