কাশীৰ পৰা উভতাই নিয়া হয় এই ৫ লোকৰ মৃতদেহ! এজন নাৱৰীয়াই সদৰী ক’লে ইয়াৰ আঁৰৰ কাহিনী…..

0 466

ভাৰতৰ বিভিন্ন ঠাইৰ তীৰ্থস্থান সমূহৰ নিজা বিশেষত্ব আৰু গুৰুত্ব আছে। কোনোবাখন তীৰ্থস্থানলৈ গ’লে পাপ খণ্ডন হোৱাৰ লগতে আকৌ কোনোবাখনলৈ গ’লে ৰোগৰ পৰা মুক্তি পায় বুলি বিশ্বাস কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, মানুহে যি দুখত ভুগিছে সেই অনুযায়ী দৰ্শনৰ বাবে যায়।

ভাৰতৰ বিভিন্নখন তীৰ্থস্থানৰ ভিতৰত অন্যতম হৈছে কাশী। কাশী মুক্তি আৰু মোক্ষৰ বাবে জনাজাত। কাশীত কাৰোবাৰ মৃত্যু হ’লে তেওঁ পোনে পোনে বৈকুণ্ঠগামী হয় বুলি বিশ্বাস কৰা হয়। যাৰ বাবে বহুতেই জীৱনৰ অন্তিম দিনত কাশীলৈ যাত্ৰা আৰম্ভ কৰে।

কাশীত বহু সময় ধৰি মানুহৰ চিটা জ্বলি থাকে। কিন্তু বহুসংখ্যকেই নাজানে যে, কাশীৰ ভূমিত কেৱল ৫ গৰাকী মানুহৰ মৃতদেহ কেতিয়াও জ্বলি নাযায়। এই মৃতদেহসমূহ কাশীৰ কাশীত দাহন কৰা নহয়।

প্ৰথমটো হৈছে, সাধুৰ মৃতদেহ কাশীত দাহন কৰা নহয়। সাধুৰ মৃতদেহ জল সমাধি দিয়া হয়।

দ্বিতীয়তে, সৰু ল’ৰা-ছোৱালীৰ মৃতদেহো পানীত জ্বলোৱা নহয়। বাৰ বছৰৰ তলৰ শিশু হ’লে তেওঁলোকৰ মৃতদেহ কাশীত সৎকাৰ কৰা নহয়। কিয়নো বাৰ বছৰৰ তলৰ শিশুক ঈশ্বৰৰ অন্য এক ৰূপ বুলি গণ্য কৰা হয়।

তৃতীয়তে, গৰ্ভৱতী মহিলাৰ মৃতদেহো কাশীত দাহন কৰা নহয়। গৰ্ভাৱস্থাত মহিলাসকলৰ পেট ফুলি উঠে। যদি এনে অৱস্থাত তেওঁলোকৰ শৰীৰ জ্বলি যায় তেন্তে তেওঁলোকৰ পেটটো জুইত ফাটি যাব যাৰ বাবে ভিতৰত থকা শিশুটো ওলাই আহিব পাৰে।

চতুৰ্থতে, সৰ্প দংশনত মৃত্যু হোৱা ব্যক্তিৰ মৃতদেহ কাশীত দাহন কৰা নহয়। নাৱিকজনৰ বিৱৰণ অনুসৰি, সৰ্প দংশনৰ ফলত মৃত্যু হোৱা ব্যক্তিজনৰ মগজু ২১ দিনলৈ জীয়াই থাকে। এনে অৱস্থাত তেওঁলোকৰ মৃতদেহটো কলৰ ভূৰত বান্ধি পানীত উপঙাই দিব লাগে।

পঞ্চম অৰ্থাৎ অন্তিমত, কুষ্ঠ বা ছালৰ ৰোগত আক্ৰান্ত ৰোগীৰ মৃত্যু হ’লে কাশীত তেওঁৰ শৰীৰ জ্বলি নাযায়। এনে ৰোগত মৃত্যু হোৱা লোকৰ শৰীৰ দাহ কৰিলে এই ৰোগৰ বেক্টেৰিয়া বতাহত বিয়পি পৰে যাৰ বাবে আন মানুহ ৰোগত আক্ৰান্ত হ’ব পাৰে। যাৰ বাবে কাশীত এনে লোকৰ মৃতদেহ দাহ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

লগতে পঢ়ক: শিৱসাগৰৰ বিধায়কে মোক বিজেপিৰ এজেন্ট আখ্যা দিছে! বিধায়ক অখিল গগৈক উভতি ধৰিলে শৃংখল চলিহাই!

media school
Leave A Reply

Your email address will not be published.