পাকিস্তানৰ লক্ষ্য অসম! আমেৰিকাৰ পৰা ভাৰতক ধমক ফিল্ড মাৰ্শ্বালৰ!
পাকিস্তানৰ সেনা প্ৰধান তথা ফিল্ড মাৰ্শ্বালৰ এটা মন্তব্যই সমগ্ৰ বিশ্বজুৰি পুনৰ পাকিস্তানৰ কপট চৰিত্ৰ প্ৰকট কৰিছে। আমেৰিকাৰ পৰাই ভাৰতক হুংকাৰ প্ৰদান কৰিছে পাকিস্তানৰ ফিল্ড মাৰ্শ্বাল আছিম মুনিৰে।

তেওঁ উল্লেখ কৰিছে যে, পাকিস্তানৰ ওপৰত আক্ৰমণ হোৱাৰ খবৰ পালে আধা বিশ্বৰ পটন ঘটাৰ পিছতহে পাকিস্তানৰ পটন ঘটিব।
ভাৰতে সিন্ধু জলচুক্তি ভংগ কৰাৰ পাছত পাক ফিল্ড মাৰ্শ্বাল আছিম মুনিৰে প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। শেহতীয়াকৈ আছিম মুনীৰে ভাৰতক হুংকাৰ প্ৰদান কৰিছে যে, “ভাৰতে সিন্ধু নদী তন্ত্ৰত বান্ধ নিৰ্মাণ কৰিলে ১০ টাকৈ ক্ষেপনাস্ত্ৰৰে বান্ধ ধূলিসাৎ কৰি দিয়া হ’ব।”
উল্লেখ্য যে, পাকিস্তানী সন্ত্ৰাসবাদীয়ে পেহেলগামত কৰা কূটাঘাটৰ পাছতে ভাৰতে সিন্ধু জল চুক্তি ভংগ কৰিছিল।
তেজ আৰু পানী একেসময়তে বৈ নাযায় বুলি ১৯৬০ চনত ভাৰত-পাকিস্তানৰ মাজত হোৱা সিন্ধু জলচুক্তি ভাৰত ৰদ কৰিছিল আৰু চুক্তি অনুসৰি পাকিস্তানে সিন্ধু নদী তন্ত্ৰৰ পৰা পোৱা ৮০ শতাংশ পানীৰ পৰা বঞ্চিত হৈ আহিছে।
যাৰ বাবে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে এইবাৰ পাকিস্তানে ভাৰতক পাৰমাণৱিক বোমাৰ দোহাই দি আতংকিত কৰাৰ প্ৰয়াস কৰিছে। যাৰ পৰিপেক্ষিতত ভাৰতে সিন্ধু নদী তন্ত্ৰত বান্ধ নিৰ্মাণ কৰিলেই পাৰমাণৱিক অস্ত্ৰৰে বান্ধ ভাঙি পেলোৱাৰ ধমক প্ৰদান কৰিছে ফিল্ড মাৰ্শ্বাল আছিম মুনিৰে।
লগতে পঢ়ক: কাশীৰ পৰা উভতাই নিয়া হয় এই ৫ লোকৰ মৃতদেহ! এজন নাৱৰীয়াই সদৰী ক’লে ইয়াৰ আঁৰৰ কাহিনী…..


