বিশেষ আইনৰ আওতালৈ প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী! গাদী হেৰুৱাব কলংকিত মন্ত্ৰী-জনপ্ৰতিনিধি!

0 437

বিপদত পৰিব কলংকিত মন্ত্ৰী-জনপ্ৰতিনিধি! অতি সোনকালে বিশেষ আইনৰ আওতালৈ আহিব প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী। লোকসভাত তিনিখনকৈ বিধেয়ক দাখিল কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

নতুন বিধেয়ক অনুসৰি অপৰাধী গোচৰত আটক বা গ্ৰেপ্তাৰ হোৱা প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী, মন্ত্ৰীক তৎকালীনভাৱে অপসাৰণ কৰা হ’ব। ইয়াৰ বাবে লোকসভাত ১৩০ সংখ্যক সংশোধনী বিধেয়ক দাখিল কৰিলে গৃহমন্ত্ৰীগৰাকীয়ে।

গৃহমন্ত্ৰীয়ে দাখিল কৰা বিধেয়ক অনুসৰি মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত ৫ বছৰ বা তাতকৈ অধিক সময়ৰ বাবে কাৰাদণ্ডৰ শাস্তিযোগ্য যিকোনো অপৰাধ সংঘটিত কৰাৰ অভিযোগত বলৱৎ হোৱা আইনৰ অধীনত ৩০ দিনৰ বাবে একেৰাহে গ্ৰেপ্তাৰ হ’লে নতুবা আৰক্ষীৰ জিম্মাত থাকিলে একত্ৰিশ দিনৰ ভিতৰত পদত্যাগ কৰিব লাগিব।

যদি তেওঁ পদত্যাগ নকৰে, তেন্তে ৩০ দিন উকলি যোৱাৰ পাছৰ দিনটোৰ পৰা তেওঁ মুখ্যমন্ত্ৰীৰ গাদী হেৰুওৱাব লাগিব।

সুৰা কেলেংকাৰীৰ অভিযোগত ED আৰু CBIৰ জিম্মাত থকা অৱস্থাত অৰবিন্দ কেজৰিৱালে ৬ মাহ পৰ্যন্ত পদত্যাগ কৰা নাছিল। বৰ্তমান প্ৰধানমন্ত্ৰী এজনক গ্ৰেপ্তাৰ কৰি ৩০ দিনৰ বাবে জিম্মাত ৰখাৰ ক্ষেত্ৰতো প্ৰস্তাৱিত সংশোধনীত একেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

সদনত গৃহমন্ত্ৰীগৰাকীয়ে দাখিল কৰা আন দুখন বিধেয়ক হৈছে- কেন্দ্ৰীয় শাসিত অঞ্চল শাসন সংশোধনী বিধেয়ক ২০২৫ আৰু জম্মু কাশ্মীৰ পুনৰ্গঠন বিধেয়ক ২০২৫।

লগতে পঢ়ক: অভিনেতাক চুম্বন কৰি চিধা বাথৰুমলৈ গ’ল অভিনেত্ৰী বিপাশা বসু! শ্বুটিঙত কি হৈছিল বিপাশা বসুৰ সৈতে?

media school
Leave A Reply

Your email address will not be published.