১৩, ২১৭ টা পদ খালী, স্নাতক উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি! ক’ত কেনেকৈ কৰিব আবেদন?
আজিকালি প্ৰায়ে শিক্ষিত যুৱক-যুৱতীয়ে চাকৰিৰ সন্ধানত থকা দেখিবলৈ পোৱা যায়। চৰকাৰী চাকৰি বিচাৰি একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে হাবাথুৰি খাব লগা হয়। তেনে যুৱক-যুৱতীলৈ আহি পৰিছে ভাল খবৰ।
নিবনুৱা যুৱক-যুৱতীৰ বাবে ওলাইছে চাকৰি। শেহতীয়াকৈ IBPS, RRB য়ে বিভিন্ন পদৰ বাবে আহ্বান জনাইছে। আপুনি যদি চাকৰি প্ৰত্যাশী তেনেহ’লে এই পদৰ বাবে কৰক আবেদন।

ইতিমধ্যে খালী পদৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। নিৰ্ধাৰিত সময়ৰ ভিতৰত IBPS ibps.in ৰ অফিচিয়েল ৱেবচাইটত হৈ কৰক আবেদন। খালী পদৰ বাবে বিগত ৩১ আগষ্টতে প্ৰকাশ পাইছিল আবেদন অধিসূচনা।
ক’ত, কেইটা পদ খালী হৈছে?
এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত সমগ্ৰ দেশত পূৰণ কৰা হ’ব ১৩, ২১৭ টা খালী পদ। ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ বিভিন্ন আঞ্চলিক গ্ৰাম্য বেংক(RRB) সমূহ পৰীক্ষামূলক বিষয়া (Probationary Officer), অফিচাৰ স্কেল-২ আৰু ৩, Office Assistant বা কাৰ্যালয় সহায়ক (কেৰাণী) পদৰ বাবে নিযুক্তি প্ৰদান কৰা হ’ব।
ইয়াৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন?
অফিচ এচিষ্টেণ্ট আৰু অফিচাৰ স্কেল ২ পদৰ বাবে আবেদনকাৰীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। অফিচাৰ স্কেল-II স্পেচিয়েলিষ্ট অফিচাৰ (মেনেজাৰ) পদৰ বাবে প্ৰাৰ্থীজনৰ আইনৰ ডিগ্ৰী থকাটো বাধ্যতামূলক। অৱশ্যে প্ৰতিটো পদৰ বাবে যোগ্যতা বেলেগ বেলেগ হ’ব।
ইয়াৰোপৰি প্ৰতিটো পদৰ বাবে বয়সৰ সীমা বেলেগ বেলেগ। অনুসূচিত জাতি আৰু অনুসূচীত জনজাতি, দিব্যাংগ প্ৰাৰ্থীয়ে ৫ বছৰ আৰু OBC ৰ প্ৰাৰ্থীয়ে বয়সৰ ক্ষেত্ৰত ৩ বছৰলৈ ৰেহাই পাব।
আবেদনৰ মাচুল
১) GENERAL, OBC আৰু EWS ৰ বাবে ৮৫০ টকা
২) অনুসূচিত জাতি আৰু দিব্যাংগৰ বাবে ১৭৫ টকা
চাকৰিৰ বাবে কেনেকৈ কৰিব আবেদন?
১) প্ৰথমে আপুনি IBPS ibps.in ৰ অফিচিয়েল ৱেবচাইটত যাওঁক।
২) হোমপেজত থকা CRP-RRB-XIV Apply লিংকত ক্লিক কৰক।
৩) পঞ্জীয়ন কৰাৰ পাছত আবেদন প-পত্ৰ পূৰণ কৰক।
৪) মাচুল জমা কৰক।
৫) চাবমিট কৰক।
৬) অনলাইনৰ জৰিয়তে মাচুল জমা কৰক।
উল্লেখিত লিংকটোত ক্লিক কৰি অধিসূচনা চাব পাৰে- IBPS RRB Recruitment 2025 Notification pdf
উল্লেখ্য যে, ৩ টাকৈ পৰ্যায়ত প্ৰাৰ্থীক নিৰ্বাচন কৰা হ’ব। প্ৰথমে প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰ্যায়ত উত্তীৰ্ণসকলে দ্বিতীয় পৰ্যায়ৰ বাছনি পৰীক্ষা অৰ্থাৎ Mains পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। তাৰ পিছতে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব সাক্ষাৎকাৰ।
লগতে পঢ়ক: মৃত্যুৰ পাছত পিণ্ডদান কিয় প্ৰয়োজনীয়? ইয়াৰ গুৰুত্ব কি? এই সন্দৰ্ভত কি কয় প্ৰেমানন্দ মহাৰাজে?


