আজি বছৰৰ অন্তিমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। গ্ৰহণৰ সময়ত ভুলতো নকৰিব এই কাম! অন্যথা বিপদ নিশ্চিত!
আজি ৭ ছেপ্টেম্বৰ। বছৰৰ আটাইতকৈ দীঘলীয়া চন্দ্ৰগ্ৰহণ। সমগ্ৰ ভাৰততে দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ। গ্ৰহণৰ সময়ত বহু কাম নিষিদ্ধ বুলি ধৰ্মীয় বিশ্বাস অনুসৰি জনা যায়।

লগতে এই সময়ছোৱাত কিছুমান বিশেষ প্ৰতিকাৰ কৰিলে পাপৰ পৰা মুক্তি আৰু গুণ লাভ কৰিব পাৰি। এই বিশেষ কালছোৱাত কি কি কাম কৰিব লাগে আৰু কি কি কামৰ পৰা আঁতৰি থাকিব লাগে জানিবলৈ এই প্ৰতিবেদনটো পঢ়ক।
পঞ্চাঙৰ তথ্য অনুসৰি ৭ ছেপ্টেম্বৰৰ নিশা ৯ বাজি ৫৭ মিনিটৰ আৰম্ভ হৈ ১ বাজি ২৬ মিনিটলৈকে চলিব এই গ্ৰহণ। দুপৰীয়া ১২.৫৭ বজাৰ পৰা আৰম্ভ হ’ব সুতক সময়। এই সময়ছোৱাত সকলোধৰণৰ ধৰ্মীয় কাম-কাজ আৰু উপাসনা নিষিদ্ধ।
এই সময়ছোৱাত কি কৰিব লাগে
গ্ৰহণৰ সময়ছোৱাত অশুভ বুলি গণ্য কৰা হয় যদিও এই সময়ছোৱাত মন্ত্ৰ জাপ আৰু ধ্যান কৰাটো অত্যন্ত শুভ। গ্ৰহণকালত জাপ-মন্ত্ৰই বহুগুণ বেছি ফল দিয়ে বুলি শাস্ত্ৰত উল্লেখ আছে।
বিশেষকৈ ভক্তসকলে মৌন ধ্যান বা জপত মগ্ন হৈ থাকিব পাৰে। চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত স্নান কৰা আৰু দান-বৰঙণি কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।
গ্ৰহণৰ সময়ছোৱাত কি কৰাটো অনুচিত
গ্ৰহণৰ সময়ত খোৱা, ৰন্ধা-বঢ়া বা যিকোনো ধৰ্মীয় কাম কৰা নিষিদ্ধ বুলি ধৰ্মীয় বিশ্বাস অনুসৰি জনা যায়। বিশেষকৈ গৰ্ভৱতী মহিলাই যত্ন ল’ব লাগে। এই সময়ছোৱাত চোকা অস্ত্ৰ ব্যৱহাৰ নকৰিবলৈ আৰু জিৰণি ল’বলৈ পৰামৰ্শ আগবঢ়োৱা হয়।
গ্ৰহণ শেষ হোৱাৰ পিছত কি কৰিব
গ্ৰহণ শেষ হোৱাৰ পিছত গা ধুই নিজকে শুদ্ধি কৰিব লাগে। ইয়াৰ পিছত ঈশ্বৰৰ পূজা আৰু দান-বৰঙণি কৰিব লাগে। এনে কৰিলে নেতিবাচক প্ৰভাৱ দূৰ হয় আৰু পূণ্য ফল পোৱা যায়।
লগতে পঢ়ক: অচল হৈ পৰিব অনলাইন পেমেণ্ট সেৱা! SBIয়ে কৰিলে বৃহৎ ঘোষণা


