গাহৰি প্ৰেমীৰ বাবে দুখবৰ! গাহৰি মাংস বিক্ৰীত জাৰি কৰা হৈছে নিষেধাজ্ঞা। প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা!

0 472

গাহৰি মাংস আপোনাৰ প্ৰিয় নেকি? গাহৰি প্ৰেমীৰ বাবে আহি পৰিছে বেয়া খবৰ। জিলা প্ৰশাসনে গাহৰিৰ মাংস বিক্ৰীৰ ওপৰত গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। ৰাজ্যত গাহৰিৰ মাংস বিক্ৰীত প্ৰশাসনে জাৰি কৰিছে নিষেধাজ্ঞা।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বিয়পি পৰিছে ছোৱাইন ফ্লুৰ আতংক। বিশেষকৈ ধেমাজি জিলাখনৰ বহু গাহৰি এই ৰোগত আক্ৰান্ত হৈছে।

যাৰ বাবে ধেমাজি জিলা প্ৰশাসনে গাহৰিৰ মাংস বিক্ৰীত গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত। এই সন্দৰ্ভত এখন নিৰ্দেশনা জাৰি কৰিছে ধেমাজি জিলা প্ৰশাসনে। য’ত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হৈছে।

শেহতীয়াকৈ ধেমাজিৰ গোঁহাই গাঁও আৰু নলনিপামত বহু গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফ্লুৰ অৱস্থিতি ধৰা পৰিছে।

এই ৰোগৰ অৱস্থিতি ধৰা পৰা অঞ্চলৰ পৰা ১০ কিঃমিঃৰ ভিতৰত গাহৰি বেচা-কিনাৰ লগতে মাংস বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৯ ছেপ্টেম্বৰত অতিৰিক্ত জিলা আয়ুক্ত কুলদ্বীপ হাজৰিকাই জাৰি কৰিছে এই নিৰ্দেশনা।

লগতে পঢ়ক: বিশ্ববাসীলৈ আশাৰ বতৰা! অৱশেষত ৰাছিয়াই দিলে সুখবৰ! প্ৰস্তুত কৰিলে মাৰাত্মক কেঞ্চাৰৰ ভেকচিন

media school
Leave A Reply

Your email address will not be published.