অসম নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন! অসমৰ ৰাজহ ভূমিলৈ নগাৰ ৰঙা চকু!

0 367

বন্ধ হোৱা নাই নগাৰ আগ্ৰাসন! এতিয়াও অসম-নাগালণ্ড সীমান্তত অব্যাহত আছে নগাৰ দপদপনি। এইবাৰ নগাৰ ৰঙা চকু অসমৰ ৰাজহ ভূমিলৈ। অসম নগালেণ্ড সীমান্তৱৰ্তী এক বৃহৎ অঞ্চলত নগাৰ পৰিভ্ৰমণ। নগা লোকৰ ভ্ৰমণক লৈ আতংকিত হৈ পৰিছে অসমীয়া লোক।

এতিয়াও শাম কটা নাই অসম নগালেণ্ড সীমান্তবৰ্তী অঞ্চলসমূহত সীমা বিবাদ অসমীয়া লোকৰ ভূমিত নগা চৰকাৰৰ জৰীপ। নগালেণ্ড চৰকাৰৰ দলটোৰ অসমৰ ভূমি পৰিদৰ্শনক লৈ আতংকিত অসমীয়া লোক।

এসপ্তাহ পূৰ্বে নাগালেণ্ড চৰকাৰৰ এটা দলে অসমত প্ৰৱেশ কৰি জৰীপ চলোৱাৰ লগতে সংগ্ৰহ কৰে খেতিবাতি আৰু ঘৰৰ ফটো।

উল্লেখ্য যে, নিউ সোনোৱাল- মৰঙীয়াল সংযোগী পথটোৰ সিপাৰে থকা দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন ঠাইত চৰজমিন তদন্ত কৰে দলটোৱে। জৰীপ চলোৱাৰ পিছত পুনৰ অসমত প্ৰৱেশ কৰে ৮ জনীয়া নগা আৰক্ষীৰ দলে।

শেহতীয়াকৈ দলটোৱে অসমীয়া লোকক ভয়-ভাবুকি দিয়াৰো অভিযোগ উত্থাপিত হৈছে। নগাৰ প্ৰৱেশৰ পিছতেই নিৰাপত্তাহীনতাত ভুগিছে একাংশ অসমীয়া লোক।

যাৰ বাবে সীমান্তত থকা অসমীয়া লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। উৰিয়ামঘাটৰ দৰে পৰিস্থিতিৰ আশংকা কৰিছে আতংকিত লোকসকলে।

লগতে পঢ়ক: গাহৰি প্ৰেমীৰ বাবে দুখবৰ! গাহৰি মাংস বিক্ৰীত জাৰি কৰা হৈছে নিষেধাজ্ঞা। প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা!

media school
Leave A Reply

Your email address will not be published.