দীপাৱলীৰ পূৰ্বে ডাঙৰ সংযোগ! ভাগ্য উদয় হ’ব ৩ ৰাশিৰ জাতক-জাতিকাৰ। কিন্তু সেই ৰাশিসমূহ কি কি?
জ্যোতিষ শাস্ত্ৰ অনুসৰি গ্ৰহ-নক্ষত্ৰৰ বিশেষ মহত্ব আছে। অক্টোবৰত ইয়াৰ ডাঙৰ পৰিৱৰ্তন হ’ব । যিয়ে কিছুমান ৰাশিৰ ওপৰত বহু প্ৰভাৱ পেলাব পাৰে। জ্যোতিষ শাস্ত্ৰ মতে, শুক্ৰ গ্ৰহই ১০ অক্টোবৰত কন্যা ৰাশিত প্ৰৱেশ কৰিব, যাৰ গুৰু হ’ব বুধ।

শুক্ৰ আৰু বুধৰ সংযোগে কিছুমান ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। উল্লেখ্য যে, শুক্ৰক ধন, সমৃদ্ধি আৰু সুখৰ গ্ৰহ বুলি কোৱা হয়। গতিকে কিছুমান ৰাশিৰ লোকৰ ধন, সুখ-সমৃদ্ধি বৃদ্ধি পাব পাৰে।
ইয়াৰোপৰি জ্যোতিষ শাস্ত্ৰত শুক্ৰক বস্তুগত সুখ, বৈবাহিক জীৱন আৰু শিল্পৰ কাৰক হিচাপে গণ্য কৰা হয়।
লগতে বুধক বুদ্ধিমত্তা, ব্যৱসায় আৰু যোগাযোগৰ কাৰক হিচাপে গণ্য কৰা হয়। এনে এক পৰিস্থিতিত দুটা গ্ৰহ একেলগে একত্ৰিত হোৱাটো কিছুমান ৰাশিৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ’ব। কোন সেই ভাগ্যবান ৰাশিসমূহ?
সিংহ ৰাশি
সিংহ ৰাশিৰ লোকৰ বাবে আশীৰ্বাদ স্বৰূপ হৈছে শুক্ৰ আৰু বুধৰ সংযোগ। শুক্ৰৰ প্ৰভাৱৰ বাবে হঠাতে হাতলৈ ধন আহিব পাৰে আৰু কাৰোবাৰ পৰা পাবলগীয়া ধনো লাভ কৰিব পাৰে।
সমান্তৰালভাৱে আৰ্থিক অৱস্থাও পূৰ্বতকৈ উন্নত হ’ব। কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰাৰ লগতে কৰ্মত প্ৰশংসা লাভ কৰিব। পদোন্নতিৰ যোগো বিদ্যমান। সমাজত সন্মান বৃদ্ধি পাব।
বৃশ্চিক ৰাশি
এই সংযোগ বুধ ৰাশিৰ বাবে অন্ত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। যাৰ বাবে এই ৰাশিৰ জাতক-জাতিকাৰ আয়ৰ পথ প্ৰশস্ত হ’ব আৰু আৰ্থিক অৱস্থা অধিক শক্তিশালী হ’ব। দীৰ্ঘদিন ধৰি যদি কোনো কামত বাধা আহি আছিল তেন্তে সেই বাধাও আঁতৰ হ’ব।
ব্যৱসায়ীসকলে কৰ্মত যথেষ্ট সফলতা লাভ কৰিব। লগতে এই সময়ছোৱাত এই ৰাশিৰ জাতক-জাতিকাসকলে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ধন আৰু সন্মান লাভ কৰিবলৈ সক্ষম হ’ব।
ধনু ৰাশি
এই বিৰল সংযোগত ধনু ৰাশিৰ লোকৰ ভাগ্যৰ দুৱাৰ মুকলি হ’ব। চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতে যথেষ্ট সফলতা লাভ কৰিব।
পদোন্নতিৰো সম্ভাৱনা আছে। যদি আপুনি কোনো কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে এয়া আপোনাৰ বাবে উপযুক্ত সময়। আপোনাৰ প্ৰচেষ্টাই ভাল ফল দেখুৱাব। পৰিয়াললৈ সুখ নামি আহিব। দাম্পত্য জীৱন সুখৰ হ’ব।
লগতে পঢ়ক: অসম নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন! অসমৰ ৰাজহ ভূমিলৈ নগাৰ ৰঙা চকু!


