গুগ্‌লৰ বিৰুদ্ধে মাৰ্কিন প্ৰশাসনৰ গোচৰ

0 103

আমেৰিকান তথ্য প্ৰযুক্তি কোম্পানী গুগ্‌লৰ বিৰুদ্ধে আশ্চৰ্যজনকভাবে খোদ মাৰ্কিন প্ৰশাসনেই তৰিছে গোচৰ ৷ বিগত দুটা দশকত নিজ দেশৰ কোনো কোম্পানীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰসমুহৰ ভিতৰত এইটোৱেই বৃহত্তম গোচৰ হিচাপে পৰিগণিত হোৱাত ঘটনাটোৱে সকলোকে হতচকিত কৰি তুলিছে ৷ গোচৰত মাৰ্কিন প্ৰশাসনে এইবুলি অভিযোগ কৰে যে গুগ্‌লে প্ৰভাৱ খটুৱাই গ্ৰাহকক তেওঁলোকৰ চ্চাৰ্চ ইঞ্জিন ব্যৱহাৰ কৰিবলৈ বাধ্য কৰি আইনগতভাৱে থকা ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ লগতে ইণ্টাৰনেটৰ পৃথিৱীত আধিপত্য বৰ্তাই ৰখাৰ বাবে প্ৰতিযোগিতামূলক বজাৰখন নষ্ট কৰি পেলাইছে ৷

উল্লেখযোগ্য যে সমগ্ৰ বিশ্বত যিমান গুগ্‌ল আছে তাৰ আধাতকৈও বেছি গ্ৰাহক আছে ভাৰততেই । ভাৰতৰ গ্ৰাহকে সামান্য বিল এখন পৰিশোধ কৰিবলৈয়ো গুগ্‌লৰ সহায় ল’বলগীয়া হয় ৷ ভাৰতীয় গ্ৰাহকৰ বাবে যেন গুগ্‌ল বাধ্যতামূলক ৷ সেয়ে মাৰ্কিন প্ৰশাসনে কোম্পানীটোৱে নিজ দেশত চলোৱা এনেবোৰ মইমতালিৰ লগতে ভাৰতত গ্ৰাহকক প্ৰদান কৰা এনেবোৰ ‘বাধ্যতামূলক সেৱা’ৰ বাবেও খৰ্গহস্ত হৈ পৰিছে ৷ সেয়ে আমেৰিকাৰ ১১ খন প্ৰদেশে উত্থাপন কৰা অভিযোগৰ ওপৰত ভিত্তি কৰি চৰকাৰে গোচৰ তৰা কাৰ্যই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তুলিছে ৷

media school
Leave A Reply

Your email address will not be published.