দুৰ্গা পূজাত মাৰ চৰণত কিয় ‘সেন্দূৰ’ অৰ্পণ কৰা হয়? পূজাত মাৰ চৰণত ‘সেন্দূৰ’ দিলে কি বিশেষ আশীৰ্বাদ লাভ কৰে?

0 412

সেন্দূৰ হৈছে শক্তি, সৌন্দৰ্য- সমৃদ্ধি আৰু সিদ্ধিৰ প্ৰতীক। হিন্দু ধৰ্ম অনুসৰি সেন্দূৰ অতিকৈ পৱিত্ৰ বস্তু। সেইবাবে প্ৰতীগৰাকী হিন্দু মহিলাই তেওঁলোকৰ স্বামীৰ দীৰ্ঘায়ু কামনাৰ উদ্দেশ্যে শিৰত সেন্দূৰ লয়।

উল্লেখ্য যে, সেন্দূৰৰ আছে বিশেষ মহত্ব। সনাতনী ধৰ্মত অতিজৰে পৰা সেন্দূৰ ব্যৱহাৰ হৈ আহিছে। কেৱল সেয়াই নহয়, দেৱ-দেৱীসকলৰো অতি প্ৰিয় হৈছে সেন্দূৰ। প্ৰতিগৰাকী দেৱীৰ পূজাত সেন্দূৰ আভৰণ হিচাপে আগবঢ়াব লাগে।

শাস্ত্ৰত উল্লেখ আছে যে সকলো ৰত্নৰ ভিতৰত শ্ৰেষ্ঠ হৈছে সেন্দূৰ। সৌন্দৰ্যবৰ্ধন কৰা সামগ্ৰীসমূহৰ ভিতৰতো সেন্দূৰক শ্ৰেষ্ঠ বুলি ধৰা হয়। মহিলাসকলে শিৰত সেন্দূৰ লওঁতে পূব বা উত্তৰ ফালে মূৰ কৰি ল’ব লাগে।

যিহেতু সেন্দূৰ শক্তিৰ প্ৰতীক গতিকে মহিলাসকল মাহেকীয়া হ’লে সেন্দূৰ লোৱাৰ পৰা বিৰত থাকিব লাগে। এগৰাকী মহিলাই আন এগৰাকীক সেন্দূৰ উপহাৰ দিব পাৰিলে সেয়া শুভ বুলি গণ্য কৰা হয়। সেন্দূৰ কিনোতে কেতিয়াও দৰ-দাম কৰিব নালাগে। এনে কৰিলে সেন্দূৰক অপমান কৰাৰ দৰে হয়।

উল্লেখ্য যে, দুৰ্গা পূজাতো বিশেষভাৱে সেন্দূৰ ব্যৱহাৰ কৰা হয়। দুৰ্গা মাৰ শৃংগাৰ কৰোঁতে প্ৰথমে প্ৰসাধন সামগ্ৰী হিচাপে সেন্দূৰ আগবঢ়োৱা হয় আৰু এই সেন্দূৰ মহিলাসকলে ধাৰণ কৰিলেও শুভ বুলি গণ্য কৰা হয়।

সেন্দূৰক যিহেতু শক্তিৰ প্ৰতীক হিচাপে মান্যতা দিয়া হয় আৰু মা দুৰ্গা যিহতু শক্তিৰ প্ৰতীক গতিকে দূৰ্গা পূজাত সেন্দূৰৰ গুৰুত্ব অধিক। মাৰ চৰণত আগবঢ়োৱা সেন্দূৰ মহিলাসকলে শিৰত ল’লে তেওঁৰ স্বামী সৌভাগ্যশালী হোৱাৰ লগতে পৰিয়াললৈ শ্ৰীবৃদ্ধিৰ আগমণ হয় বুলি জনা যায়।

লগতে পঢ়ক: কিয় কালৰাত্ৰি ৰূপ ধাৰণ কৰিছিল দেৱী দুগাই? কালৰাত্ৰি কোন?

media school
Leave A Reply

Your email address will not be published.