নাকে-মুখে ফেন ওলাই সাগৰৰ পাৰত পৰি ৰৈছিল জুবিন গাৰ্গ! দৃশ্য দেখিও আওকান কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই! ফাদিল ন ন তথ্য!

0 358

শেহতীয়াকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যু। দিনে দিনে ঘন ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে শিল্পীগৰাকীৰ মৃত্যুৰ তথ্য।

ইতিমধ্যে ঘটনাৰে জড়িত শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰতিদিনে শেখৰজ্যোতিক ঘটনা সন্দৰ্ভত জেৰা চলাইছে SITৰ দলে। SITৰ জেৰাত ফাদিল হৈছে ন ন তথ্য।

শনিবাৰে CIDৰ জেৰাত শেখৰজ্যোতিয়ে প্ৰদান কৰিছে নতুন ভাষ্য। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CID ৰ ওচৰত নতুন ভাষ্য শেখৰজ্যোতি গোস্বামীৰ।

শেখৰজ্যোতিয়ে উল্লেখ কৰিছে- “সিদ্ধাৰ্থই বিহ মিহলাই বিলাতী সুৰা খুৱাইছিল জুবিন গাৰ্গক। সাগৰত লাইফ জেকেট অবিহনে জুবিনে সাঁতুৰি থাকোতে যাবলৈ দে যাবলৈ দে বুলি চিঞৰিছিল সিদ্ধাৰ্থই। জুবিন অচেতন হৈ পৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল সিদ্ধাৰ্থ শৰ্মাই।”

“য়টৰ ভিডিঅ’ প্ৰচাৰ নকৰিবলৈয়ো ভাবুকি প্ৰদান কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই। ছিংগাপুৰত চলিছিল জুবিনক জীৱন কাঢ়ি লোৱাৰ ভয়ংকৰ ব্লুপ্ৰিন্ট। ষড়যন্ত্ৰ কৰিয়েই বাচনি কৰি লোৱা হৈছিল বিদেশৰ স্থান।”

“বলপূৰ্বকভাৱে পাইলটৰ পৰা য়টৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিছিল সিদ্ধাৰ্থই। সাগৰৰ মাজৰ ভয়ংকৰ অংশলৈ লৈ গৈছিল য়টখন। শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে মহাবিস্ফোৰণ শেখৰজ্যোতিৰ।”

লগতে পঢ়ক: দুৰ্গা পূজাত মাৰ চৰণত কিয় ‘সেন্দূৰ’ অৰ্পণ কৰা হয়? পূজাত মাৰ চৰণত ‘সেন্দূৰ’ দিলে কি বিশেষ আশীৰ্বাদ লাভ কৰে?

media school
Leave A Reply

Your email address will not be published.