“প্ৰতিগৰাকী ভাৰতীয়ই ক’ৰ’না ভেকচিন বিনামূলীয়াকৈ পাব লাগে”-অৰৱিন্দ কেজৰিৱাল

0 476

ক’ৰ’না ভেকচিন প্ৰদান সন্দৰ্ভত বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি ল’লে দিল্লীৰ মুখ্যমন্ত্ৰী তথা ‘আপ’ নেতা অৰৱিন্দ কেজৰিৱালে।কেজৰিৱালে কয় যে প্ৰত্যেক ভাৰতীয়ই ক’ৰ’নাৰ বিনামূলীয়া ভেকচিন পাব লাগে।এই ভেকচিনৰ ওপৰত প্ৰতিগৰাকী ভাৰতীয়ৰ অধিকাৰ আছে।উল্লেখ্য যে অহা সপ্তাহত হ’ব লগা বিহাৰ বিধানসভা নিৰ্বাচনৰ ঘোষণাপত্ৰত বিজেপিয়ে বিহাৰৰ বাসিন্দাসকলক বিনামূলীয়া ক’ৰ’না ভেকচিন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।ইয়াৰ পিছতেই কেজৰিৱালে এই মন্তব্য কৰিছে।যিসকল নাগৰিকে বিজেপিক ভোট নিদিয়ে,তেওঁলোকে ক’ৰ’না ভেকচিন পাব নে নাই বুলিও ইয়াৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল।

media school
Leave A Reply

Your email address will not be published.