এইবাৰ সেনা জোৱানৰ সৈতে দশেৰা পালন কৰিব ৰাজনাথ সিঙে

0 501

দুদিনীয়া ভ্ৰমণ সূচীৰে পশ্চিম বংগত উপস্থিত হৈছে দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙ। শনিবাৰে টুইটযোগে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে টুইটযোগে এই কথা সদৰী কৰে।এই দুদিনীয়া ভ্ৰমণত মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগ আৰু ছিকিমলৈ যাত্ৰা কৰিব।লগতে সীমান্ত পৰিদৰ্শন কৰি বর্ডাৰ ৰোড অৰগানাইজেশ্যনে(BRO) তৈয়াৰ কৰা এটা পথ উদ্বোধন কৰিব ৰাজনাথ সিঙে।ইয়াৰোপৰি প্রতিৰক্ষা মন্ত্রীগৰাকীৰ ফালৰ পৰা এক বিবৃতিত জনোৱা হৈছে, ছিকিমৰ ভাৰত-চীন সীমান্ত অঞ্চলত এইবাৰ সেনা জোৱানৰ সৈতে দশেৰা পালন কৰিব ৰাজনাথ সিঙে। দশেৰাৰ দিনাই সেনাৰ সৈতে অস্ত্রপূজাতো অংশ ল’ব মন্ত্ৰীগৰাকীয়ে।

media school
Leave A Reply

Your email address will not be published.