কোৰোণাক্ৰান্ত আৰ বি আইৰ গভৰ্ণৰ শক্তিকান্ত দাস, ভাৰ্চুৱেল মাধ্যমযোগে কৰিব কাম

0 243

কোৰোণাত আক্ৰান্ত হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাস। দেওবাৰে সন্ধিয়া এই কথা নিজেই টুইট কৰি জনালে দাসে। টুইটাৰত তেওঁ জনায় যে তেওঁ লক্ষণহীন। ফলত ঘৰতে আইছ’লেচনত আছে।টুইটযোগে তেওঁ লিখিছে, তেওঁৰ কোৰোণা পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে। ফলত যিসকলে তেওঁৰ সংস্পৰ্শলৈ আহিছিল, তেওঁলোকক সাৱধানতা অৱলম্বন কৰা আৰু সতৰ্ক হোৱাৰ পৰামৰ্শ দিয়ে।

আইছ’লেচনত থাকিলেও ঘৰত বহিয়ে সমগ্ৰ কাম–কাজ চোৱাচিতা কৰিব শক্তিকান্ত দাসে। আৰবিআইৰ কাম–কাজো স্বাভাৱিকভাৱে চলি থাকিব। কোভিড মুক্ত হৈ পুনৰ কামত যোগদান কৰিব তেওঁ। বৰ্তমান ভাৰ্চুৱেল মাধ্যমযোগে বিষয়াসকলৰ সৈতে যোগাযোগ ৰাখিব বুলি জনায়।

media school
Leave A Reply

Your email address will not be published.