বয়কট চীনঃ আর্মী কেন্টিন এতিয়াৰে পৰা হ’ব ”আত্মনির্ভৰ”

0 428

চীনৰ বিৰুদ্ধে পুনৰবাৰ আন এক যুদ্ধ ঘোষণা কৰিছে ভাৰতে। লাদাখ সীমান্তত চীনৰ সৈতে বিবাদ আৰু ২০ জন ভাৰতীয় সেনা শ্বহীদ হোৱাৰ পাছৰ পৰাই ৰঙা চীনক কোঙা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ভাৰতে। সেয়া সীমান্ততেই হওক বা চীনা দ্রব্য বর্জনৰ সিদ্ধান্তই হওক! আৰু এবাৰ চীনক আঘাত কৰাৰ বাবে ডাঙৰ সিদ্ধান্ত লৈছে মোদী চৰকাৰে। প্রতিৰক্ষা মন্ত্রণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে, দেশৰ প্রতিখন আর্মী কেন্টিনত এতিয়াৰে পৰা চীনা সামগ্ৰী প্ৰৱেশ নিষেধ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মুখত আত্মনির্ভৰ ভাৰত যোজনা কথা প্ৰায়ে শুনা যায়। সেই পথেদিয়েই যেন এতিয়া আগুৱাই যাবলৈ ধৰিছে সমগ্ৰ দেশ।ইপিনে চীনা সামগ্ৰী আর্মী কেন্টিনত বেন কৰা হ’লেও ভৱিষ্যতে অন্য দেশৰ সামগ্ৰীও হয়তো তাত উপলব্ধ নহ’ব। উত্তৰ ছিয়াচেনৰ পৰা দক্ষিণে আন্দামান-নিকোবৰ পর্যন্ত মুঠ চাৰে তিনি হাজাৰ আর্মী কেন্টিন আছে দেশত। প্রতিখন কেন্টিনতে এতিয়াৰে পৰা চীনা দ্রব্য বিক্রী বন্ধ কৰিলে প্রতিৰক্ষামন্ত্রালয়ে।উল্লেখ্য যে কিছুদিন পূৰ্বে ভাৰত চৰকাৰে চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক ঘোষণা কৰি ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ধাৰা ৬৯ অনুযায়ী চীনা ১১৮টা মোবাইল এপৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

media school
Leave A Reply

Your email address will not be published.