আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে অসম কন্যা,অভিনেত্ৰী পেঞ্চী ব্ৰহ্মলৈ “শ্ৰেষ্ঠ অভিনেত্ৰী” সন্মান

0 657

আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে জনপ্ৰিয় বড়ো অভিনেত্ৰী পেঞ্চী ব্ৰহ্মই।

জনপ্ৰিয় বড়ো অভিনেত্ৰী পেঞ্চী ব্ৰহ্মলৈ কানাডা,বিগ চাউণ্ড আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ, ২০২০ৰ “শ্ৰেষ্ঠ অভিনেত্ৰী” সন্মান।অভিষেক বসু ৰয়ৰ পৰিচালনা আৰু উজ্জ্বল পালৰ কাহিনীৰে “ডাস্ক” শীৰ্ষ ছুটি ছবিত কৰা চৰিত্ৰৰ বাবে এই সন্মান লাভ কৰে পেঞ্চীয়ে।

ডাস্ক” শীৰ্ষক ছুটি ছবিখনত কলকাতাৰ ৰেড লাইট এলেকাসমূহত বাস কৰা এগৰাকী প্ৰবাসী নেপালী দেহোপজীবিনীৰ চৰিত্ৰত অভিনয় কৰিছে পেঞ্চী ব্ৰহ্মাই।শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছে।

কলকাতা চলচ্চিত্ৰ মহোৎসৱতো নিৰ্বাচিত হৈছে উক্ত চুটি ছবিখন।

ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত বড়ো পূৰ্ণ দৈৰ্ঘ্যৰ ছবি জেলৈ-দ্যা-ছীড নামৰ ছবিখনত অভিনয় কৰিছিল পেঞ্চীয়ে।

media school
Leave A Reply

Your email address will not be published.