১ নৱেম্বৰত সলনি হ’ব গেছ চিলিণ্ডাৰ সম্বন্ধীয় নিয়ম, জানি লওক কি কি নিয়ম

0 472

এল পি জি চিলিণ্ডাৰ ক্ৰয়ৰ ক্ষেত্ৰত বহু নতুন নীতি-নিয়ম নিৰ্ধাৰণ কৰা হৈছে। অহা নৱেম্বৰ মাহৰ পৰা বলৱত্‍ হ’ব এই সমূহ নীতি-নিয়ম। এতিয়া গ্ৰাহকক এল পি জি চিলিণ্ডাৰৰ বাবে প্ৰয়োজন হ’ব OTP ৰ ।

এই নতুন নিয়মটোক DAC নামেৰে নামাকৰণ কৰা হৈছে। অৰ্থাত্‍ ডেলিভাৰী অথেণ্টিকেশ্যন কৰ্ড । এতিয়াৰ পৰা বুকিং কৰিলেই ডেলিভাৰী দিয়া নহ’ব চিলিণ্ডাৰৰ । বৰঞ্চ এতিয়াৰ পৰা ৰেজিষ্টাৰ্ড মোবাইল নম্বৰলৈ পঠিওৱা হ’ব এটা নিৰ্দিষ্ট কৰ্ড, চিলিণ্ডাৰ ডেলিভাৰীৰ সময়ত সেই কৰ্ড দিয়াৰ পিছতহে লাভ কৰিব চিলিণ্ডাৰ।

কোনো গ্ৰাহকৰ যদি মোবাইল নম্বৰ ডিষ্ট্ৰিবিউটৰৰ ওচৰত ৰেজিষ্টাৰ কৰা নাথাকে, তেন্তে ডেলিভাৰী দিয়া জনৰ ওচৰত যি এপ থাকিব, তাৰ পৰা ৰিয়েল টাইম আপোনাৰ নম্বৰ ৰেজিষ্টাৰ কৰিব পাৰিব, তাৰ পিছতে এটা কৰ্ড জেনেৰেট হ’ব।

অইল কোম্পানীয়ে বলৱত্‍ কৰিছে এই নতুন নিয়ম। গেছ চিলিণ্ডাৰ চুৰি আৰু ডেলিভাৰীৰ ক্ষেত্ৰত থকা বিসংগতি দূৰ কৰাৰ প্ৰচেষ্টাৰে বলৱৎ কৰিছে এই নিয়ম। প্ৰথম অৱস্থাত এই নিয়ম দেশৰ ১০০ খন প্ৰধান চহৰত আৰম্ভ হ’ব। পাইলট প্ৰজেক্ট হিচাপে ৰাজস্থানৰ জয়পুৰত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

media school
Leave A Reply

Your email address will not be published.