বিজেপিৰ তিনি গৰাকী কৰ্মীক গুলিয়াই হত্যা…

0 484

জন্মু কাশ্মীৰৰ কুলগাম গাওঁত সংঘটিত হয় এক হত্যাকাণ্ড । তিনি গৰাকী বিজেপি কৰ্মীক হত্যা কৰে সন্ত্ৰাসবাদীয়ে । এই কথা স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়ে । আৰক্ষীয়ে কয় – বৃহস্পতিবাৰে প্ৰায় ৪ বাজি ২০ মিনিটত কুলৰাম আৰক্ষীয়ে ৱাই কে পৰা গাওঁত সন্ত্ৰাসবাদীৰ আক্ৰমনৰ ঘটনাৰ তথ্য লাভ কৰে । য’ত তিনি গৰাকী বিজেপি কৰ্মীক গুলিচালনাৰ ঘটনা সংঘটিত হৈছে । ঘটনাৰ সবিশেষৰ বাবে আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হয় ।চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষনা কৰে ।আৰক্ষীয়ে কোৱা অনুসৰি “প্ৰাথমিক তদন্তত দেখা গৈছে যে সন্ত্ৰাবাদীয়ে বিজেপি জিলা যুৱ সাধাৰণ সম্পাদক ফিদা হুছেইন য়াটু , কৰ্মী ওমৰ ৰছিদ আৰু ওমৰ ৰমজান হাজমক গুলীবৰ্ষন কৰে । মৃত বিজেপি কৰ্মী কেইগৰাকী ৱাইকে পুৰাৰ স্থানীয় বাসিন্দা ।

media school
Leave A Reply

Your email address will not be published.