সীমা বিবাদ:ভাৰতে মানি নলয় চীনৰ কোনো চৰ্ত

0 377

বহু পুৰণি ভাৰত আৰু চীনৰ মাজৰ সীমা-বিবাদৰ আজি পৰ্যন্ত কোনো সমাধান হোৱা নাই ।এই সীমা বিবাদৰ সমাধানৰ বাবে দুয়োখন দেশৰ শীৰ্ষ সেনা বিষয়াই এতিয়ালৈকে সাতবাৰ আলোচনাত মিলিত হ’ল যদিও বিফল হৈছিল প্ৰতিবাৰেই।এইবাৰ পুনৰ ৩ নৱেম্বৰৰ পিছত দুয়োখন দেশৰ মাজত আলোচনা হোৱাৰ সম্ভাৱনা আছে।বিশেষ সূত্ৰৰপৰা পোৱা খবৰ অনুসৰি চীনে এই বিবাদৰ ওৰ পেলাবলৈ ভাৰতবৰ্ষক বান্ধি দিছে দুটা বিশেষ চৰ্ত।প্ৰথম চৰ্ত অনুসৰি ভাৰতৰ সেনাই ফিংগাৰ ৩ লৈকে আৰু চীনা সৈন্যই ফিংগাৰ ৫ লৈকে পেট্ৰ’লিং কৰিব।দ্বিতীয়টো চৰ্ত অনুসৰি,যদি ভাৰতে এইটো চৰ্ত মানি লয় তেন্তে চীনে ফিংগাৰ ৪ৰ পৰা নিজৰ সৈন্য অপসাৰণ কৰিব।কিন্তু ভাৰতে এইধৰণৰ চৰ্ত পোনচাটেই নাকচ কৰি এনে ধৰণৰ চৰ্ত কোনো পধ্যেই মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে চীনক।

media school
Leave A Reply

Your email address will not be published.