সম্পূৰ্ণৰূপে বন্ধ হ’ল PUBG, বিদায়ৰ সময়ত অনুৰাগীলৈ লিখিলে এইদৰে…

0 608

৩০ অক্টোবৰৰ পৰা সম্পূৰ্ণ ৰূপে নোহোৱা হ’ল পাবজি। যোৱা ২ ছেপ্টেম্বৰত প্রায় ১১৮টা এপসহ নিষিদ্ধ কৰা হৈছিল পাবজি। ভাৰতৰ সার্বভৌমত্ব তথা অখণ্ডতা, ভাৰতৰ প্রতিৰক্ষা, ৰাষ্ট্রীয় সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিষিদ্ধ কৰা হৈছিল পাবজি।কিন্তু গেমটো নিষিদ্ধ কৰা হ’লেও ফোনত ইমানদিনে খেলি আছিল এই গেম। পূৰ্বে মোবাইলত ডাউনলোড কৰা বাবে বহুতে মোবাইলযোগে খেলি আছিল পাবজি। কিন্তু এতিয়াৰ পৰা আৰু খেলিব নোৱাৰিব মোবাইলতো।কিয়নো মোবাইলত চলি থকা PUBG Mobile আৰু PUBG Mobile Liteক লৈ কালি এটা ফেচবুক পোষ্টত কোম্পানীয়ে ঘোষণা কৰিছিল এই কথা। ।ফেচবুক পোষ্টযোগে পাবজি মোবাইলে উল্লেখ কৰে এইদৰে- ‘প্ৰিয় অনুৰাগী, ২০২০ চনৰ ২ ছেপ্টেম্বৰত ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ এক অন্তৰ্ৱর্তীকালীন আদেশৰ পিছত, টেনচেণ্ট গেমছে ৩০ অক্টোবৰ, ২০২০ত ভাৰতত ইয়াৰ সকলো সেৱা আৰু প্ৰৱেশাধিকাৰ বন্ধ কৰিবলৈ গৈ আছে। ব্যৱহাৰকাৰীৰ ডাটাৰ সুৰক্ষা সদায়ে আমাৰ সৰ্বোচ্চ প্ৰাথমিকতা হৈ আছে আৰু আমি সদায়ে ভাৰতত প্ৰযোজ্য ডাটা সুৰক্ষা আইনৰ নিয়মাৱলী পালন কৰিছোঁ। আমি ইয়াৰ পৰা যাব লগা কাৰণত অতি দুঃখিত। আপোনালোকক ধন্যবাদ।’

media school
Leave A Reply

Your email address will not be published.