ভাৰতৰ ১৮ খন ৰাজ্যৰ ভিতৰত উন্নয়নৰ দিশত ১৭ সংখ্যক স্থানত অসম ।

0 574

উন্নয়নৰ দিশত দেশৰ ১৮ খন ডাঙৰ ৰাজ্যৰ ভিতৰত ১৭ নম্বৰ স্থানত আছে অসমৰ নাম।

শেহতীয়াকৈ পাব্লিক এফফায়াৰ ইনডেকচে প্ৰকাশ কৰা ডাঙৰ ৰাজ্যৰ তালিকাত ২০১৯ বৰ্ষত অসমে উন্নয়নশীল ৰাজ্যৰ ভিতৰত ১৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

এই তালিকাত ২০১৯ বৰ্ষত ডাঙৰ ৰাজ্য সমূহৰ ভিতৰত উন্নয়নৰ তালিকাত প্ৰথম তিনিটা স্থানত আছে কেৰেলা, হাৰিয়ানা আৰু কৰ্ণাটক।

আনহাতে শেষৰ তিনিখন ৰাজ্য হ’ল উত্তৰ প্ৰদেশ,অসম আৰু ১৮ সংখ্যক স্থানত বিহাৰ।

আনহাতে, দেশৰ ১২খন সৰু ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে গোৱা, দ্বিতীয় হিমাচল প্ৰদেশ আৰু তৃতীয় স্থানত দিল্লী।

সৰু ৰাজ্যৰ শাখাত অন্তিম স্থানত থকা ৰাজ্য তিনিখন হৈছে ত্ৰিপুৰা, নাগালেণ্ড আৰু মণিপুৰ।

media school
Leave A Reply

Your email address will not be published.