ৰাষ্ট্ৰীয় একতা দিৱসত দেশবাসীক উপহাৰ প্ৰধানমন্ত্ৰীৰ; মুকলি হ’ল দেশৰ প্ৰথম ছী-প্লেন সেৱা

0 478

শনিবাসী দেশজুৰি পালন কৰা হয় লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৫সংখ্যক জন্মবাৰ্ষিকী তথা ৰাষ্ট্ৰীয় একতা দিৱস।এই উপলক্ষে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে গৃহৰাজ্য গুজৰাটত উপস্থিত হৈ লৌহমানৱ গৰাকীক স্মৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক এক বিশেষ উপহাৰ প্ৰদান কৰে।ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটৰ আহমেদাবাদস্থিত ষ্টেচু অফ ইউনিটীৰ সমীপত কেৱাৰিয়াৰ পৰা সবৰমতী ৰিভাৰ ফ’ৰ্টলৈ ছী-প্লেন (সাগৰীয় জাহাজ)মুকলি কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।দেশৰ প্ৰথমখন সাগৰীয় উৰাজাহাজ মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৱাৰিয়াৰ পৰা সবৰমতীলৈ যাত্ৰা কৰে।১৯খন আসনেৰে নিৰ্মিত এই উৰাজাহাজ কেইখনে ২০০কিলোমিটাৰ পথ মাত্ৰ ৪০মিনিটতে অতিক্ৰম কৰিব পাৰে।আনহাতে শনিবাৰে মুকলি কৰা এই বিশেষ সাগৰীয় সেৱা দেশৰ ১৪টা স্থানলৈ প্ৰসাৰিত কৰা হ’ব।এই ১৪ টা স্থানৰ ভিতৰত অসমকো অন্তৰ্ভুক্ত কৰা হৈছে।উল্লেখ্য যে দেশৰ প্ৰথম ছী-প্লেন সেৱাৰ বাবে প্ৰতিজন যাত্ৰীয়ে ৪,৮০০টকা ব্যয় কৰিব লাগিব।

media school
Leave A Reply

Your email address will not be published.