JEE পৰীক্ষা কেলেংকাৰীঃমূল অভিযুক্ত ভাৰ্গৱ ডেকাক বৰঝাৰ বিমান বন্দৰত গ্ৰেপ্তাৰ।

0 455

অৱশেষত গ্ৰেপ্তাৰ হ’ল JEE পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত ভাৰ্গৱ ডেকা।ৰবিবাৰে বিমান যোগে বেংককৰ পৰা দিল্লী হৈ গুৱাহাটীলৈ সংগোপনে অহাৰ খবৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতে গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈছিল অসম আৰক্ষীৰ এটা দল।

উল্লেখ্য যে JEE কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পৰাই গ্লৱেল ইডুলাইটৰ স্বতাধিকাৰী ভাৰ্গৱ ডেকা পলাতক অৱস্থাত আছিল। ভাৰ্গৱ ডেকাৰ গ্ৰেপ্তাৰৰ পিছত JEE কেলেংকাৰীৰ ন ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। ইতিমধ্যে গ্লৱেল ইডুলাইটৰ এগৰাকী কৰ্মচাৰী কাকলি বুজৰবৰুৱাক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজাৰা থানাত জেৰা অব্যাহত ৰাখিছে। ইয়াৰ লগে লগে JEE পৰীক্ষা কেলেংকাৰীত গ্ৰেপ্তাৰৰ সংখ্যা মুঠ ৭ জনলৈ বৃদ্ধি পালে ।

media school
Leave A Reply

Your email address will not be published.