কোভিডকালীন বিপৰ্যয়ৰ মাজত আজি মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচন;সমীক্ষাত বিডেনৰ অগ্ৰগতি

0 229

ক’ৰোনা সংকটৰ মাজতে বিশ্বৰ মহাপৰাক্ৰমী ৰাষ্ট্ৰ আমেৰিকাত আজি অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন।ৰাষ্ট্ৰপতি পদৰ দুই দাবীদাৰ ড’নাল্ড ট্ৰাম্প আৰু জ’ বিডেনে দেশখনৰ বিভিন্ন স্থানত অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ।ইফালে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰাষ্ট্ৰীয় সমীক্ষাসমূহত বিডেনতকৈ ট্ৰাম্প বহুগুণে পিছপৰি থকা পৰিলক্ষিত হৈছে।সংবাদ সংস্থা ৰয়টাৰে চলোৱা এক সমীক্ষা অনুসৰি ট্ৰাম্পে ৪২শতাংশ ভোট লাভ কৰাৰ বিপৰীতে বিডেনে ৫১শতাংশ ভোট লাভ কৰিব।বিশেষকৈ দেশখনৰ উইছকনছিন,পেঞ্চিলভেনিয়া,ফ্ল’ৰিডা আৰু আৰিজ’নাত বিডেনে নিজৰ ভেটি সৱল কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে আমেৰিকাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰলৈ ৰাষ্ট্ৰপতি নিৰ্বাচনত অধিক পুঁজি ব্যয় হ’ব।দেশখনৰ কেইবাটাও বিশেষজ্ঞ সংস্থাই সদৰী কৰা তথ্য অনুসৰি এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰায় ১,৪০০কোটি ডলাতকৈ অধিক ব্যয় হ’ব।এতিয়ালৈ প্ৰায় ৯০নিযুততকৈ অধিক লোকে আগতীয়া ভোটদান কৰিছ।

Leave A Reply

Your email address will not be published.