প্ৰসিদ্ধ ছবি নিৰ্মাতা-চিত্ৰগ্ৰহণকাৰী ৰাজু মিশ্ৰৰ দেহাৱসান

0 233

ভাৰতীয় ছবিজগতৰ প্ৰখ্যাত চিত্ৰগ্ৰহণকাৰী তথা ছবি-নিৰ্মাতা ৰাজগোপাল মিশ্ৰ আৰু নাই।মংগলবাৰে ওড়িশাৰ নিজা বাসগৃহত হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দিনৰ প্ৰায় ১২.১০বজাত মৃত্যু হয়। প্ৰসিদ্ধ চলচিত্ৰ নিৰ্মাতাগৰাকীৰ পৰিয়ালৰ লোকে ততাতৈয়াকৈ ওচৰৰ হাস্পতালত ভৰ্তি কৰে যদিও চৰকাৰে তেখেতক মৃত ঘোষণা কৰে।৯০দশকৰ আৰম্ভণিৰে পৰা তেওঁ অসমীয়া চলচ্চিত্ৰ জগতৰ সৈতে ওত:প্ৰোতভাৱে জড়িত আছিল।এগৰাকী চিত্ৰগ্ৰহণকাৰী হিচাপে মিশ্ৰই ‘কালসন্ধ্যা’ৰ দৃশ্যগ্ৰহণ কৰিবলৈ পোনপ্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল।ইয়াৰ পিছতে তেওঁ ‘বুকুৰ মাজত জ্বলে’,’মৎস্যগন্ধা’ ‘আকাশী তৰাৰ কথাৰে’,’লাজ’,’জয়মতী’আদি অসমীয়া চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণত জড়িত আছিল।তেওঁৰ মৃত্যুত ওড়িশাৰ লগতে অসমতো গভীৰ শোকৰ ছাঁ পৰিছে।

Leave A Reply

Your email address will not be published.