সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পেৰিছ প্ৰশাসনৰ অভিযান;৫০অল কায়দা নিহত

0 261

ধাৰাবাহিক সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এইবাৰ উচিত প্ৰত্যুত্তৰ দিলে ফ্ৰান্স চৰকাৰে।জানিব পৰা ফ্ৰান্স চৰকাৰে বায়ু সেনাৰ সহায়ত মালিৰ মধ্যভাগত দীৰ্ঘদিন ধৰি বাহৰ পাতি থকা দুধৰ্ষ সন্ত্ৰাসবাদী অল কায়দাৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক চলায়।ফ্ৰান্স সেনাৰ এই অভিযানৰ ফলত প্ৰায় ৫০জন অল কায়দা সন্ত্ৰাসবাদী নিহত হয়।উল্লেখ্য যে, বুৰকিনা ফাছ’ আৰু নাইজাৰৰ সীমান্তৱৰ্তী অঞ্চলত সন্ত্ৰাসবাদীক দমনৰ নামত বিপৰ্যস্ত হৈ পৰিছিল মালি চৰকাৰ ।তাৰ মাজতে ৩০ অক্টোবৰত ফ্ৰান্স চৰকাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক চলায়।আনহাতে,এই অভিযানক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ফ্ৰান্সৰ বৃহৎ সফলতা বুলি অভিহিত কৰিব পাৰি।

media school
Leave A Reply

Your email address will not be published.