আজি সুধাকণ্ঠৰ নৱম মৃত্যু বাৰ্ষিকী–

0 265

ৰূপহী আই অসমীৰ সুসন্তান তথা সহস্ৰ জনতাৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ কায়িক অস্তিত্ব অবিহনে অসমবাসীয়ে পাৰ কৰিলে ৯টাকৈ বছৰ।কিন্তু শাৰীৰিক অস্তিত্ব নাথাকিলেও অসমবাসীৰ শ্ৰদ্ধাৰ বেদীত এতিয়াও জীয়াই আছে সকলোৰে শ্ৰদ্ধাৰ ,মৰমৰ ড° ভূপেন হাজৰিকাৰ পাহৰিব নোৱাৰা অগণিত স্মৃতি।আজি সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকী।ক’ৰোনা প্ৰ’টকলৰ মাজতো মহানগৰীৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে সুধাকণ্ঠ গৰাকীৰ নৱম প্ৰয়াণ দিৱস উদযাপন কৰা হ’ব।অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সুধাকণ্ঠৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত অনুষ্ঠিত হ’ব স্মৃতিতৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অনুষ্ঠান য’ত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে।তদুপৰি বৰাক-ব্ৰহ্মপুত্ৰৰ পাৰ ভাঙি অসমৰ বাহিৰতো প্ৰয়াণ দিৱস হিচাপে বন্দিত হ’ব সুধাকণ্ঠ ড° ভূপেন হাজৰিকা।

media school
Leave A Reply

Your email address will not be published.