কামাখ্যা মন্দিৰত গম্বুজত জিলিকিব ২০ কেজি ওজনৰ ৩টা সোণৰ কলচী

0 221

কামাখ্য়া মন্দিৰৰ গম্বুজত জিলিকিব ২০ কেজি ওজনৰ ৩টা সোণৰ কলচী। উদ্যোগপতি মুকেশ আম্বানীয়ে কামাখ্যালৈ আগবঢ়াইছে এই বৰঙণি। কলচী কেইটা নিৰ্মাণৰ বাবে মুম্বাইৰ পৰা অনা হৈছে বিশেষ কাৰিকৰ। কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ তথা ৰাজ্যবাসীৰ বাবে এয়া অতিকৈ আনন্দদায়ক কথা।দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কামাখ্যা দেৱালয়ৰ কিছুদিনৰ পাছতে অধিক উজ্জ্বল হৈ পৰিব। ইতিমধ্য়ে গম্বুজৰ নিৰ্মাণ কাম পূৰ্ণগতিত চলি আছে। সকলোধৰণৰ কাম সম্পূৰ্ণ হৈ উঠিছে।

Leave A Reply

Your email address will not be published.