‘মিৰাকল’-সৰ্বাধিক ভোট লাভেৰে অ’বামাৰ অভিলেখ ভংগ বাইডেনৰ

0 269

বিশ্বৰ অন্যতম শক্তিশালী দেশ আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হোৱাৰ দিশে অগ্ৰসৰ হৈছে জ’ বাইডেন। আনহাতে ২০২০ চনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ কেইবাটাও অভিলেখ সৃষ্টি হৈছে।তাৰ মাজতে এইবাৰ ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেনে এক বিৰল অভিলেখ ৰচনা কৰে।আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সৰ্বাধিক ভোট লাভ কৰে জ’ বাইডেনে।মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে মুঠ ৭৩,৪৬১,৬৯৭ভোট লাভ কৰে।ফলত তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ অভিলেখো ভংগ কৰে।উল্লেখ্য যে, ২০০৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বাৰাক অ’বামাই ৬৯,৪৫,৬,৮৯৭টা ভোট লাভ কৰিছিল।এশ বছৰৰ পাছত এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অভিলেখ ৬৭ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে।

Leave A Reply

Your email address will not be published.