আমেৰিকান টিভি নেটৱৰ্কে বন্ধ কৰিলে ট্ৰাম্পৰ লাইভ কভাৰেজ

0 375

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জো বাইডেন ওচৰ চাপিছে মেজিক সংখ্যা ২৭০ৰ। এনে অৱস্থাত ড’নাল্ড ট্ৰাম্পে প্ৰচাৰ মাধ্যমযোগে কৰি আছে নানা মন্তব্য। তেওঁ বিভ্ৰান্তিকৰ মন্তব্য কৰা বুলি টুইটাৰ-ফেচবুকে ইতিমধ্যে ইউজাৰক গোহাৰি জনাব লগা হৈছে। ড’নাল্ড ট্ৰাম্প বহু ভোটত বাইডেনতকৈ পিছ পৰি থকাত নিৰ্বাচনত ৰিগিং কৰাৰ অভিযোগো কৰে।আনহাতে ট্ৰাম্প সমৰ্থকে আমেৰিকাৰ বিভিন্ন ঠাইত বিক্ষিপ্ত হিংসাত্মক ঘটনাতো লিপ্ত হৈছে। এনে সময়তে মাৰ্কিন টিভি নেটৱৰ্কে বন্ধ কৰিছে ট্ৰাম্পৰ লাইভ কভাৰেজ। বি বি চি আৰু এ বি চি, এনবিচি নিউজেও ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ লাইভ কভাৰেজ বন্ধ কৰে। মাৰ্কিন টিভি নেটৱৰ্কৰ মতে ড’নাল্ড ট্ৰাম্পে কৰা ভোট চুৰিৰ অভিযোগ মিছা। ইয়াৰ কোনে প্ৰমাণ নাই।উল্লেখ্য ড’নাল্ড ট্ৰাম্পে এই কথা কৈ আছে যে তেওঁ নিৰ্বাচনত সহজে জিকিম বুলি কোৱাৰ লগতে ন্যায়ালয়ৰ জৰিয়তে বৈধ ভোটৰ গণনাৰ পোষকতা কৰে। পৰাজয়ৰ সন্মুখীন হ’বলৈ গৈ থকা ট্ৰাম্পৰ এনে মন্তব্যৰ পৰিপ্ৰেক্ষিতত তেওঁৰ লাইভ টেলিকাষ্ট বন্ধ কৰিব লগা হৈছে মাৰ্কিন টিভি নেটৱৰ্কে।

media school
Leave A Reply

Your email address will not be published.